প্ৰাদেশীকৰণৰ দাবীত উচ্চ প্ৰাথমিক শিক্ষক সন্থাৰ ধেমাজি জিলা সমিতিৰ শিক্ষা মন্ত্ৰীলৈ স্মাৰক পত্ৰ
নিয়মীয়া বাৰ্তা ১১ আগষ্টঃ শিক্ষক পদ প্ৰাদেশীকৰণৰ লগতে বিনাবেতনে অৱসৰ গ্ৰহণ কৰা, আৰ্থিক অনাটনত উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু হোৱা শিক্ষকক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ দাবীত অসমৰ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰ প্ৰদান কৰে ২০১৩ চনৰ পদ প্ৰাদেশীকৰণৰ পৰা বঞ্চিত উচ্চ প্ৰাথমিক শিক্ষক সন্থাৰ ধেমাজি জিলা সমিতিয়ে। ধেমাজি জিলা ২০১৩ চনৰ পদ প্ৰাদেশীকৰণৰ পৰা বঞ্চিত উচ্চ প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি ৰত্নেশ্বৰ নৰহ,উপ সভাপতি ধৰ্মেন্দ্ৰ ৰামচিয়াৰী, সাধাৰণ সম্পাদিকা জ্যোৎস্না মিলি আৰু উপদেষ্টা ৰাজীৱ দত্তৰ স্বাক্ষৰিত স্মাৰক পত্ৰ কালি ধেমাজি জিলা উপায়ুক্তৰ জৰিয়তে প্ৰদান কৰে অসমৰ শিক্ষামন্ত্ৰীক । স্মাৰক পত্ৰত উল্লেখ কৰে যে ২০১৩ চনত ৰাজ্যৰ তদানীন্তন চৰকাৰৰ শিক্ষামন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিদ্যালয় আৰু শিক্ষক পদ প্ৰাদেশীকৰণ কৰা হৈছিল।
প্ৰাদেশীকৰণ কৰা ৰাজ্যৰ ১৩৯১ খন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৫০ খন ধেমাজি জিলাৰ। ২০১৩ চনত প্ৰাদেশীকৰণ কৰা উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৰাজ্যৰ প্ৰায় ২২৯০ গৰাকী সহকাৰী শিক্ষক পদ প্ৰাদেশীকৰণৰ আওতাৰ বাহিৰত ৰৈ যোৱাৰ ভিতৰত ধেমাজি জিলাৰ ১৭০ গৰাকী। ২০১৩ চনৰ শিক্ষক পদ প্ৰাদেশীকৰণৰ পৰা বঞ্চিত হোৱা শিক্ষক সকলে আজি অতবছৰে নিজৰ ন্যাৰ্য্য প্ৰাপ্তিৰ দাবীত গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি বিষয়টো সদৌ অসম শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চ আৰু সদৌ অসম শিক্ষক যৌথ মঞ্চৰ যোগেদি বহুবাৰ চৰকাৰক দৃষ্টিগোচৰ কৰি অহা হৈছে যদিও আজিকোপতি কোনো ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি কয়।পদ প্ৰাদেশীকৰণৰ বঞ্চিত শিক্ষক সকলক চৰকাৰৰ শিক্ষা বিভাগে ১৭-৭-২০১৯ তাৰিখে প্ৰত্যেক জিলাৰ শিক্ষা বিভাগৰ কাৰ্য্যালয়ত শুনানি গ্ৰহণ কৰা হল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰে। বিদ্যালয় প্ৰতিষ্ঠাৰ দিনাৰে পৰা বৰ্তমানলৈকে বিনাবেতনে পছিশ ত্ৰিশ বছৰে নিয়মিতভাৱে বিদ্যালয়ত পাঠদান কৰি অহা বহু শিক্ষক বয়সজনিত
কাৰণত অৱসৰ গ্ৰহণ কৰাৰ লগতে বহুজনে ৰোগাক্ৰান্ত হৈ আৰ্থিক অনাটনৰ বাবে চিকিৎসাৰ অভাৱত মৃত্যুক আকোৱালী লবলগা হৈছে বুলিও উল্লেখ কৰে স্মাৰক পত্ৰত। আন কিছুমানে পদ প্ৰাদেশীকৰণ নোহোৱাৰ দুখত মৰ্মান্তিক আঘাত লৈ আত্মহত্যাৰ পথো বাছি লৈছে বুলি কোৱাৰ লগতে এনে অবৰ্ণনীয় সমস্যাৰে জৰ্জৰিত শিক্ষক সকলক মানবীয় দৃষ্টিভঙ্গীৰে আৰু মহানুভৱতাৰে আগন্তুক বিদ্যালয় প্ৰাদেশীকৰণৰ প্ৰক্ৰিয়াত ২০১৩ চনৰ শিক্ষক পদ প্ৰাদেশীকৰণৰ পৰা বঞ্চিত হৈ থকা ধেমাজি জিলাৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক সকলৰ লগতে অসমৰ প্ৰতি গৰাকী মানব সম্পদ গঢ়া শিক্ষক-শিক্ষয়িত্ৰীৰ পদ সমূহ প্ৰাদেশীকৰণ কৰা, ইতিমধ্যে বয়সজনিত কাৰণত বিনাবেতনে অৱসৰ গ্ৰহণ কৰা আৰু আৰ্থিক অনাটনৰ বাবে উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুক আকোৱালী লোৱা শিক্ষক-শিক্ষয়িত্ৰীক আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিবলৈ শিক্ষামন্ত্ৰী গৰাকীক দাবী জনাইছে।