প্ৰেমৰ প্ৰস্থাৱ প্ৰত্যাখ্যান কৰাৰ বাবে গোৰেশ্বৰৰ যুৱতীক হাৰাশাস্তি! আক্ৰাছুৰ নেতা শংকৰ ৰাজবংশীক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে যুৱতীক মানসিকভাবে নিৰ্যাতন কৰাৰ অভিযোগত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক তথা গোৰেশ্বৰৰ সমীপবৰ্তী হাজালপাৰাৰ বাসিন্দা শংকৰ ৰাজবংশীক গোৰেশ্বৰ আৰক্ষীয়ে কালি নিশা গুৱাহাটীৰ জয়ানগৰত আত্মগোপন কৰি থকা স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে ।
উল্লেখ্য যে গোৰেশ্বৰৰ বেঙেনাআটীৰ এগৰাকী বিধবা তথা এখন বেচৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষয়িত্ৰীৰ একমাত্ৰ শিক্ষিতা যুৱতীক প্ৰেমৰ প্ৰস্তাব প্ৰত্যাখ্যান কৰাৰ বাবে আক্ৰাছুৰ নেতাজনে বহু দিনৰ পৰা বিভিন্ন ধৰণে মানসিক নিৰ্যাতন কৰি আহিছিল। এনে পৰিস্থিতিত যুৱতীগৰাকীয়ে বাধ্য হৈ যোৱা ১৯ জানুৱাৰীত সামাজিক মাধ্যম ফেচবুকত বিতৰ্কিত ছাত্ৰ নেতাজনৰ কু কাণ্ডৰ কথা ফাদিল কৰাৰ ওপৰি ২০জানুৱাৰীত গোৰেশ্বৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে এজাহাৰ লাভ কৰাৰ পিছতে শংকৰ ৰাজবংশীৰ বিৰুদ্ধে ১৩/২২নম্বৰৰ এটা গোচৰ ৰুজু কৰে। ইফালে যুবতী গৰাকীয়ে থানাত গোচৰ দিয়া বুলি জানিব পাৰি অভিযুক্ত ৰাজবংশীয়ে আত্মগোপন কৰে । কিন্তু গোৰেশ্বৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাই গোপন তথ্যৰ সূত্ৰৰ ভিত্তিত কালি নিশা গুৱাহাটীৰ জয়ানগৰত অভিযান চলাই আত্মগোপন কৰি থকা ঘৰটোৰ পৰা শংকৰ ৰাজবংশীক গ্ৰেপ্তাৰ কৰি আজি গোৰেশ্বৰ থানালৈ আনে।ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাজৰিকাই আক্ৰাছুৰ নেতা শংকৰ ৰাজবংশীৰ বিৰুদ্ধে যুৱতী গৰাকীক হাৰাশাস্তি কৰাকে ধৰি আন বহু দুস্কাৰ্যৰ অভিযোগ লাভ কৰা বুলিও সাংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।
উল্লেখ্য যে গোৰেশ্বৰত এখন নাটকৰ আখৰাত যুৱতীগৰাকীৰে বিবাহিত ছাত্ৰ নেতাজনৰ চিনাকি হৈছিল । পৰৱৰ্তী সময়ত শংকৰ ৰাজবংশীয়ে যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিয়াতে ক্ষান্ত নাথাকি পলুৱাই নিয়াৰ পৰিকল্পনা কৰিছিল।কিন্তু যুৱতীগৰাকীয়ে এই প্ৰস্তাৱ পোনচাটে নাকচ কৰাৰ পিছতো ছাত্ৰ নেতাজনে বাৰম্বাৰ প্ৰস্তাৱটোত সন্মতি জনাবলৈ হেঁছা আৰু পিছলৈ ভাবুকি দিছিল । উপাইহীন হৈ যুৱতীগৰাকীয়ে তথাকথিত ছাত্ৰ নেতাজনৰ কু-কীৰ্তি ফাদিল কৰাৰ পিছতে ভূক্তভোগী যুৱতী গৰাকীক ন্যায় দিবলৈ আছুৰ গোৰেশ্বৰ আঞ্চলিকৰ সভাপতি ৰূপম ৰাজবংশী ,গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিত্ত সম্পাদক জালালুদ্দিন আহমেদ ,নেমছুৰ বাক্সা জিলা সমিতিৰ সভাপতি হাফিজুল ইছলাম ,সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ সভাপতি ৰাজু আলীয়ে দাবী জনাইছিল। অন্যথা সংগঠনকেইটাই গণতান্ত্ৰিক আন্দোলনৰ পথ গ্ৰহণৰো হুংকাৰ দিছিল। গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিত্ত সম্পাদক জালালুদ্দিন আহমেদে সংবাদ মাধ্যমৰ আগত জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ বিতৰ্কিত নেতা শংকৰ ৰাজবংশীয়ে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি গোৰেশ্বৰত এক সম্প্ৰদায়ীক সংঘাত লগোৱাৰো এক অপচেষ্টা কৰিছিল বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷গোৰেশ্বৰ আৰক্ষীয়ে শংকৰ ৰাজবংশীক গ্ৰেপ্তাৰ কৰাত ছাত্ৰ সংগঠন কেইটাৰ নেতৃত্বই সন্তোষ প্ৰকাশ কৰিছে ।