পৰিত্যক্ত গাড়ীত শুই থকা বহিঃৰাজ্যৰ অঘৰী যুৱকক জ্বলাই হত্যা
নিয়মীয়া বার্তা, ২৭মেঃ দেশজুৰি চলা লকডাউনৰ মাজতে কালি নিশা নগাঁও চহৰত সংঘটিত হ’ল এক হূদয়বিদাৰক ঘটনা৷ একাংশ হূদয়হীন উদণ্ড লোকৰ জিঘাংসাৰ বলি হৈ বহিঃৰাজ্য দিল্লীৰ এগৰাকী অঘৰী যুৱক হত্যাৰ বলি হোৱা ঘটনাই সমগ্র নগাঁও চহৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাটো সংঘটিত হৈছে নগাঁও চহৰৰ মৰিকলং আৰক্ষী চকীৰ অন্তর্গত চাৰিখুঁটিত৷ ঘটনা সন্দর্ভত জানিব পৰা মতে, দিল্লীৰ বাসিন্দা চাকিব হুছেইন নামৰ অঘৰী যুৱকজন দীর্ঘদিন ধৰি চাৰিখুঁটিৰ হিন্দুস্তানী হিন্দী হাইস্কুলৰ সন্মুখত থকা পুৰণা গাডীৰ সামগ্রী বিক্রী কৰা এখন দোকানৰ পৰিত্যক্ত এখন টাটা ছুম’ গাডীত আশ্রয় লৈ আছিল৷ পিছে কালি নিশা প্রায় ১১ বজাত এই টাটা ছুম’খন দাওদাওকৈ জ্বলি থকা প্রত্যক্ষ কৰি স্থানীয় একাংশ লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ জ্বলি থকা গাডীখন অগ্ণিনির্বাপক বাহিনীৰ সহায়ত জুই নুমুৱাবলৈ সক্ষম হয় যদিও গাডীখন ভিতৰতে সম্পূর্ণ অগ্ণিদগ্ধ অৱস্থাত সেই যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে৷ লগে লগে উপস্থিত সকলোৰে মাজত হুৱাদুৱা লাগে৷ উল্লেখ্য যে চাকিব হুছেইন নামৰ ৩০ বছৰীয়া যুৱকজন ডেৰ বছৰ পূর্বে নগাঁৱলৈ আহিছিল৷ তেতিয়াৰ পৰা তেওঁ অঘৰী হিচাপে বিভিন্ন স্থানত আশ্রয় লৈ মানুহৰ পৰা খুজি–মাগি খাই জীৱন নির্বাহ কৰিছিল৷ স্থানীয় ৰাইজে সন্দেহ প্রকাশ কৰা মতে, তেওঁক কোনো দুর্বৃত্তই হত্যা কৰি দীর্ঘদিন ধৰি আশ্রয় লৈ থকা গাডীখনত তেওঁক সুমুৱাই জুই লগাই নিজৰ কৃতকর্ম গাপ দিয়াৰ চেষ্টা চলাইছিল৷ কালি সন্ধিয়া এই যুৱকজনক হিন্দুস্তানী হিন্দী হাইস্কুলৰ সন্মুখত কেইজনমান লোকৰ সৈতে কিবা কথাত কাজিয়াত লিপ্ত হোৱা প্রত্যক্ষ কৰিছিল একাংশ স্থানীয় লোকে৷ সেই লোককেইজনেই যুৱকজনক হত্যা কৰিছে বুলিও সন্দেহ কৰিছে ৰাইজে৷ অৱশ্যে আৰক্ষীৰ সঠিক তদন্ততহে কি পৰিস্থিতিত যুৱকজনে অগ্ণিদগ্ধ হৈ মৃত্যুক সাবটি ল’লে, সেই কথা পৰৱর্তী সময়ত পোহৰলৈ আহিব৷ ইপিনে, আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে ঘটনা সন্দর্ভত দুজন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷