নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বইটামাৰীত ভোগালী বিহু উপলক্ষে গ্ৰামীন জীৱিকা অভিযানৰ বিক্ৰী কেন্দ্ৰ মুকলি

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী:  বঙাইগাঁও জিলাৰ বইটামাৰীত আজি ভোগালী বিহু উপলক্ষে বইটামাৰী উন্নয়ন খণ্ডৰ সৌজন্যত আৰু ৰাজ্যিক গ্ৰামীন অভিযানৰ সখী মণ্ডলৰ উদ্যোগত এটা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়। বইটামাৰী উন্নয়ন খণ্ডৰ সন্মুখত ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত মুকলি হোৱা কেন্দ্ৰটোত আত্ম সহায়ক গোট সমূহৰ দ্বাৰা ঘৰুৱা ভাবে উৎপাদিত সামগ্ৰী উপলব্ধ হ’ব। কেন্দ্ৰটো আজি দুপৰীয়া আনুষ্ঠানিক ভাৱে মুকলি কৰে বঙাইগাওঁ জিলা পৰিষদৰ জিলা কাৰ্যবাহী বিষয়া নাদিৰা জেচমিনে। কেন্দ্ৰটোৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে বইটামাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চন্দ্ৰমা দাস, বইটামাৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অঞ্জলী সিগ্ধা, জীৱিকা অভিযানৰ বইটামৰী উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প পৰিচালক দিক্ষীতা ভৰালী আদি বিষয়া তথা বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। ১৩ জানুৱাৰীলৈ চলিব লগা বিক্ৰী কেন্দ্ৰটোত পিঠা, লাডু, মাহ কৰাই, তিল, চিৰা, মুৰি বৰা চাউল জহা চাউল, সান্দ গুৰি, দৈ হাঁহ আদি ভোগালী বিহুৰ সমূহ উপকৰনৰ লগতে আন আন সামগ্ৰীয়ো সুলভ মূল্যত উপলব্ধ হ’ব বুলি জীৱিকা অভিযানৰ বিষয়া সকলে জানিব দিছে।

 

প্ৰেৰকঃ ৰুবুল কান্তি দাস

You might also like