নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকেয়া দৰমহা আদায় দিয়াৰ দাবীত ধুবুৰী পৌৰসভাৰ চাফাই কৰ্মীৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ: বকেয়া দৰমহা আদায় দিয়াৰ দাৱীত ধুবুৰী পৌৰসভাৰ কাৰ্যালয়ৰ চাফাই কৰ্মচাৰী সকলে আজি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে বিভিন্ম প্ৰতিবাদী শ্লোগানেৰে ধুবুৰী চহৰৰ ১নং ৱাৰ্ডস্থিত পৌৰসভা কাৰ্যালয়ৰ ৰাজপথ উত্তাল কৰি তোলে। বিগত তিনিমাহৰ পৰা দৰমহা নোপোৱাকে ধৰি আজি দিম, কাইলৈ দিমবুলি পৌৰসভা কৰ্তৃপক্ষই মিছা আশ্বাসবাণী দিয়াৰো অভিযোগ ক্ষুব্ধ সেই চাফাই কৰ্মীসকলে।

You might also like