নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত চিটুৰ প্রতিবাদঃ তলাবন্ধত শ্রমিকক চৰকাৰী সাহায্যৰ দাবী

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ  তলাবন্ধৰ প্রতি লক্ষ্য ৰাখি অসংগঠিত শ্রমিকক পাঁচশ টকাকৈ চৰকাৰী সাহায্য প্রদানৰ দাবীত বঙাইগাঁৱত মঙলবাৰে চিটুৰ কর্মীসকলে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ বঙাইগাঁৱৰ বিভিন্ন উদ্যোগ ক্ষেত্রসমূহৰ সন্মুখত প্লেকার্ড লৈ সীমিতসংখ্যক কর্মীয়ে প্রতিবাদ সাব্যস্ত কৰে৷ চিটুৰ বঙাইগাঁও জিলাৰ সভাপতি হৰেশ্বৰ দাসে এক বিবৃতিত এই কথা জানিবলৈ দি কয় যে তলাবন্ধৰ ফলত ঘৰত আবদ্ধ হৈ থাকিবলগীয়া হোৱাত শ্রমিকৰ পৰিয়ালে অতি কষ্টৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ কেন্দ্র আৰু ৰাজ্য চৰকাৰে সদম্ভে ঘোষণাৰ পিছতো কাৰখানাসমূহৰ মালিকে কর্মহীন শ্রমিকক দৰমহা আদায় দিয়া নাই৷ একেদৰে অটো, ই–ৰিক্সা তথা দৈনিক হাজিৰা কৰি পেট প্রৱর্তোৱা শ্রমিকসকলে দীর্ঘদিনে আয়ৰ পৰা বঞ্চিত হৈ আছে৷ এনে ক্ষেত্রত এইসকল শ্রমিকক চৰকাৰী সাহায্য প্রদান কৰিবলৈ সংগঠনটোৱে আহ্বান জনায়৷ এই প্রতিবাদী কার্যসূচী বঙাইগাঁও শোধনাগাৰৰ লগতে মাণিকপুৰ, বিজনীতো ৰূপায়ণ কৰা হয়৷

You might also like