বধাকৰাৰ মিগমচুকত মিছিং জনগোষ্ঠীৰ পঃৰাগ উৎসৱৰ মুৰং ঘৰৰ লাইখুঁটা স্থাপন
নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ বধাকৰা মিগমচুকত আজি আনুষ্ঠানিকভাৱে মিছিং জনগোষ্ঠীৰ পঃৰাগ উৎসৱৰ বাবে মুৰং ঘৰৰ লাই খুটা স্থাপন অনুষ্ঠান অনুষ্ঠিত হয়। অসমৰ অন্যতম ভূমিপুত্ৰ মিছিং জনগোষ্ঠীৰ জাতীয় উৎসৱ এই পঃৰাগ উৎসৱ ফাগুন মাহত পালন কৰি আহিছে। বছৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মিছিং জনগোষ্ঠী সকলে পালন কৰি অহা এই উৎসৱ সম্পুৰ্ণ ৩৬ বছৰৰ পিছত এইবাৰ ধুমধামেৰে পালন কৰাৰ আয়োজন কৰিছে বধাকৰাৰ মিগমচুকবাসীয়ে। সেইবাবে আজি পুৱাতেই মিছিং ডেকা গাভৰুৰ ঐনিতম, আৰু পৰম্পৰাগত পূজা অৰ্চনাৰে আনুষ্ঠানিক ভাৱে পঃৰাগ উৎসৱৰ বাবে মুৰং ঘৰৰ লাইখুঁটা স্থাপন কৰে মিগমচুকবাসীয়ে।