বান সাহায্যৰ পৰা বঞ্চিত বানাক্ৰান্ত
নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ জোনাই ৰাজহ চক্ৰৰ চমকঙ গাওঁ পঞ্চায়তৰ অন্তৰ্গত অপ্সৰা, ডিমৰুগুৰী দ খণ্ড, ব্যাশবাৰী, চেঙাজান গোৱালা গাঁৱৰ ৪৯ টা পৰিয়ালৰ ১৭৬ গৰাকী বানাক্ৰান্ত লোকে চমকঙ হাইস্কুলৰ বান শিবিৰত আশ্ৰয় লৈ থকাৰ বিপৰীতে চমকঙ বড়ো এলপি স্কুল বান শিবিৰত ৮৪ টা বানপীড়িত পৰিয়ালৰ ৩৫৫ গৰাকী বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰি আছে। চাৰিদিন ধৰি লালী, বুঢ়ীসূঁতি, দিখাৰী, ডেকা আদি নদীৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি পেলোৱা বানপীড়িত অঞ্চলৰ ৰাইজৰ কিছুলোকে পৰহি আৰু আন একাংশই কালিৰ পৰা চমকঙ বড়ো এলপি স্কুলৰ বান শিবিৰত আশ্ৰয় লৈ থকাৰ পিছতো বাতৰি লিখা পৰলৈকে চৰকাৰৰ বান সাহাৰ্য্য পোৱা নাই । আনহাতে চমকঙ হাইস্কুলৰ বান শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্ত ৰাইজেও পৰ্য্যাপ্ত বান সাহাৰ্য্য নোপোৱা বুলি অভিযোগ উত্থাপন কৰিছে। চমকঙ গাওঁ পঞ্চায়তৰ লামাজান বিহিয়া আৰু ডিমৰুগুৰী বিহিয়া গাঁৱৰ ২৬ টা বানাক্ৰান্ত পৰিয়ালে লামাজান মাজগাওঁ এলপি স্কুলত আশ্ৰয় লৈ থকাৰ পিছতো জোনাই মহকুমা প্ৰশাসনৰ ফালৰ পৰা কোনো যোগাযোগ নকৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বানপীড়িত ৰাইজে । জোনাই মহকুমা প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া ডেজিকনেটেড শিবিৰত আশ্ৰয় নোলোৱাৰ বাবে চমকঙৰ ২৬ টা বানাক্ৰান্ত পৰিয়াল বান সাহাৰ্য্যৰ পৰা বঞ্চিত কৰি ৰাখিছে বুলি স্থানীয় ৰাইজে সদৰী কৰিছে ।আজি বিয়লি ভাগত জোনাইৰ বিধায়ক ভূবন পেগু চমকঙৰ বান শিবিৰত উপস্থিত হৈ বানাক্ৰান্তৰ খবৰ লোৱাৰ লগতে বান সাহাৰ্য্য বিষয়তো বুজ লয়। বানাক্ৰান্ত ৰাইজে পৰ্য্যাপ্ত বান সাহাৰ্য্য নোপোৱাৰ লগতে তিনিদিনৰ ভিতৰতো বান সাহাৰ্য্যৰ প্ৰদান নকৰা কথা অৱগত কৰে বিধায়ক গৰাকীক।আনহাতে ডেজিকনেটেড শিবিৰত নথকা বানাক্ৰান্তক বান সাহাৰ্য্যৰ পৰা বঞ্চিত কৰি ৰখাৰ বিষয়ো বিধায়ক ভূবন পেগুক জনাই বানপীড়িত ৰাইজে। লগে লগে বিধায়ক গৰাকীয়ে জোনাই মহকুমাৰ মহকুমাধিপতি আৰু ৰাজহ চক্ৰ বিষয়াক ফোন কৰি বান সাহাৰ্য্য প্ৰদানৰ ক্ষেত্ৰত কৃপনালি নকৰিবলৈ হুমকি দিয়াৰ লগতে চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুযায়ী পৰ্য্যাপ্ত বান সাহাৰ্য্য বান শিবিৰৰ বানাক্ৰান্তক প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।বান শিবিৰ পৰিদৰ্শন কালত এমএচিৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী, ভৱানী দুৱৰাৰ উপৰি সন্মিলিত গণশক্তি দলৰ কেবাজনো নেতা উপস্থিত থাকে