নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত ক’ভিড প্ৰটকল মানি ৰূপকোঁৱৰক শ্ৰদ্ধাঞ্জলি

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে আজি শোণিতপুৰৰ বালিপৰাতো অসমীয়া জাতীয় জীৱনৰ পুৰোধা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৭১ সংখ্যক মৃত্যু তিথি ক’ভিড প্ৰকটল মানি অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় । বালিপৰা শাখা সাহিত্য সভা, বালিপৰা ৰাজহুৱা পুথিভঁৰাল পৰিচালনা সমিতি আৰু বহুমুখী কলা কেন্দ্ৰৰ সন্মিলিত উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটোত কাৰ্যসূচী অনুসৰি পুৱা ১০:০০ বজাত বালিপৰা গাঁও পঞ্চায়তৰ চৌহদস্থিত বিশ্বশিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আৱক্ষ মূৰ্তিৰ সন্মুখত

বন্তি প্ৰজ্বলন কৰে বালিপৰা ৰাজহুৱা পুথিভঁৰাল পৰিচালনা সমিতিৰ সভাপতি তথা বালিপৰা জিলা পৰিষদৰ সদস্য মৃণাল শইকীয়াই । ভাষণ প্ৰসংগত শইকীয়াই কয় যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া জাতীয় জীৱনৰ বুনিয়াদ গঢ়োঁতা । অসমীয়া জাতিয়ে নিজকে স্বাভিমানী হিচাপে পৰিচয় দিবলৈ হ’লে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি বিকাশৰ ক্ষেত্ৰত ঐক্যৱদ্ধতাৰে কাম-কাজ কৰিব লাগিব । অসমক বসবাস কৰা প্ৰতিগৰাকী অসমীয়া আৰু অনা-অসমীয়া লোকও অসমীয়াৰ গৰিমাময় ঐতিহ্যক হৃদয়ঙ্গম কৰি বৃহত্তৰ অসমীয়া জাতিৰ বিকাশৰ বাবে কাম কৰি যাব লাগিব । অসমীয়া লেখকৰ সৃষ্টিৰাজি অধ্যয়ন কৰি তাক যুৱপ্ৰজন্মৰ মাজত বিলাই দিয়াতো সকলোৰে এক সামাজিক তথা জাতীয় দায়িত্ব । “” অসম সত্ৰ মহাসভাৰ বালিপৰা আঞ্চলিক সমিতিৰ সম্পাদক ভাস্কৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰূপকোঁৱৰৰ আৱক্ষ মূৰ্তিত মাল্যৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত কৰা হয় । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বালিপৰা শাখা সাহিত্য সভাৰ সম্পাদক প্ৰাঞ্জল প্ৰতিম বৰা, জিলা কাৰ্যনিৰ্বাহক ধ্ৰুৱজ্যোতি নাথ, বালিপৰা উন্নয়ন সমিতিৰ সম্পাদক হিৰোজ শইকীয়া, বহুমুখী কলা কেন্দ্ৰৰ সভাপতি হুমেন দাস ,সম্পাদক ধৰ্ম দাসৰ লগতে বহুমুখী কলা কেন্দ্ৰৰ কাৰ্তিক কোচ , বালিপৰা ৰাজহুৱা পুথিভঁৰাল পৰিচালনা সমিতিৰ সম্পাদক উমা দাস , বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰণৱজ্যোতি মেধি, সমাজকৰ্মী অপূৰ্ব সেন ডেকাৰ লগতে ভালেমান বিশিষ্ট ব্যক্তিও উপস্থিত থাকে ।

You might also like