বাসুগাঁৱত শাৰদীয় সাগ্নিক পত্ৰিকা উম্মোচন; উম্মোচন কৰিলে সাহিত্যিক হৰেশ্বৰ বসুমতাৰী
নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: সাহিত্য সাংস্কৃতিক পত্ৰিকা সাগ্নিকৰ ২৭ সংখ্যক আজি উম্মোচন কৰা হয় । বাসুগাঁও সাগ্নিক ভৱনত বাংলা ভাষাৰ পত্ৰিকা খনি এক গাম্ভাৰ্য পূৰ্ণ অনুষ্ঠানটিত ফিটা কাটি উম্মোচন কৰে শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত নামঘোষা বড়ো ভাষাত অনুবাদ কৰি সুনাম আৰু বঁটা লাভ কৰা, সাহিত্যিক, অৱসৰপ্ৰাপ্ত শিক্ষক হৰেশ্বৰ বসুমতাৰীয়ে । তেওঁ বাসুগাঁও অঞ্চলত বিভিন্ন কাকত, আলোচনী পঢ়ুৱৈৰ এক তথ্য দাঙি ধৰি সম্প্ৰতি গ্ৰন্থ অধ্যয়ন সংখ্যা কমি আহিছে বুলি কয় । বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত গ্ৰন্থৰ সলনি মবাইলে দখল কৰা বুলি দুখ প্ৰকাশ কৰে । অনুষ্ঠানটিত বিশিষ্ট লিখক, সাহিত্যিক তথা আমন্ত্ৰিত অতিথি গৌতম বসু, গৌতম ঘোষ আদিয়ে । ৰম্য কবিতাৰ ওপৰত স্ব-ৰচিত কবিতা পাঠ কৰে সাহিত্য প্ৰেমী, বেঙ্ক বিষয়া গুৰুপদ হালদাৰে । বাসুগাঁও পৌৰসভাৰ পৌৰপতি সাধন মণ্ডলৰ পৌৰহিত্যত সভা পৰিচালনা কৰে সাগ্নিকৰ অন্যতম প্ৰতিষ্ঠাপক সুভাষ লোধ ৰায়ে । অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে সাগ্নিক সাহিত্য সাংস্কৃতিক পত্ৰিকাৰ সম্পাদক জয়ন্ত দেৱনাথে । সাগ্নিক পত্ৰিকাৰ সম্পাদক বাপী দেয়ে তথ্য সম্বলিত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে । পত্ৰিকা উম্মোচন অনুষ্ঠানৰ মাজে মাজে শিল্পী সকলে নৃত্য-গীত পৰিবেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে । উল্লেখ য্যেগ্যযে পঞ্চাশ টকা মূল্যৰ সাগ্নিক পত্ৰিকা খনি সৰ্বোচ্চ ৫০০১.০০ মূল্যত ক্ৰয় কৰে বাসুগাঁও পৌৰসভাৰ পৌৰপতি তথা অনুষ্ঠানটিৰ পৌৰহিত্য কৰা সাধন মণ্ডলে ।