নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত বিশুদ্ধ খোৱা পানীৰ নামত বৰবিহঃ নিৰৱ দৰ্শকৰ ভূমিকাত খাদ্য সুৰক্ষা বিভাগ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ চহৰ, নগৰ, বজাৰ-সমাৰে আপুনিও কিনি খায় নেকি মিনাৰেল ৱাটাৰ? শতকৰা এশ শতাংশ মানুহেই উত্তৰ দিব-খায়। কিন্তু আপুনি হয়তো খোৱাৰ সময়ত পানীখিনি ভালকৈ নিৰিক্ষণ নকৰে পানীখিনি খোৱাৰ উপযোগী হয় নে নহয়। কিন্তু এতিয়াৰ পৰা সাৱধান হওঁক আপুনি। আপুনি কিনা বিশুদ্ধ খোৱা পানীৰ মিনাৰেল ৱাটাৰৰ বটলত থাকিব পাৰে বিষাক্ত বৰবিহ।হয়, সম্প্ৰতি বজাৰত সহজলভ্য মিনাৰেল বটলৰ কথাই কোৱা হৈছে।

বিজনীৰ বজাৰত বিশুদ্ধ খোৱা পানীৰ বটল ষ্টাৰ ড্ৰোপ নামৰ প্ৰতিষ্ঠানটোৰ আধা লিটাৰ পানীৰ বটলত দেখা পোৱা গৈছে হোৱাইট ফাংগাছ জাতীয় লেতেৰা পদাৰ্থ। বিজনীৰ এজন সচেতন যুৱকে পানীৰ বটল এটা ক্ৰয় কৰি খাবলৈ লওঁতে ষ্টাৰ ড্ৰোপ নামৰ বটলটোত প্ৰত্যক্ষ কৰে এই লেতেৰা পদাৰ্থ সমূহ। যাৰ পৰিপ্ৰেক্ষিতত যুৱক জনে ষ্টাৰ ড্ৰোপ নামৰ বটলটোত কোম্পানীটোৰ কেবাখনো অনুজ্ঞাপত্ৰ থকাৰ পিছতো কেনেকৈ এই লেতেৰা পদাৰ্থ থাকিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে কোম্পানীটোৱে প্ৰকৃতাৰ্থত এইসমূহ দিশ চালিজাৰি চাই বিশুদ্ধ খোৱাপানী উৎপাদন কৰে নে এনেই ষ্টিকাৰ লগাই ৰাখিছে বুলি প্ৰশ্ন উত্থাপন কৰে।

যদি কোম্পানীটোৰ তেনে কোনো অনুজ্ঞাপত্ৰ নাই তেনেহলে কোম্পানীটোৱে ৰাইজক বৰবিহ খুৱাই আছে বুলি অভিযোগ উত্থাপন কৰি খাদ্য সুৰক্ষা বিভাগক উপযুক্ত লেবৰেটৰীত পানীখিনি পৰীক্ষা নিৰীক্ষা কৰিবলৈ দাবী উত্থাপন কৰে আৰু যদি তেনে কোনো বেয়া বস্তু পোৱা যায় কোম্পানীটো বন্ধ কৰি দিবলৈ দাবী জনায়। এইক্ষেত্ৰত বিজনী আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সুদীপ চন্দইও প্ৰশাসনক বিষয়টোৰ ওপৰত তদন্ত কৰি কোম্পানীটোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে। উল্লেখ্য যে ষ্টাৰ ড্ৰোপ অথবা ষ্টাৰ এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটো বঙাইগাঁও জিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমিপৰ গৰাইমাৰীত। কোম্পানীটোৰ বিশুদ্ধ খোৱা পানীৰ উৎপাদন আৰু বিতৰণৰ শুভ উদ্বোধন কৰা হৈছিল চলিত বৰ্ষৰ ১৭ ছেপ্টেম্বৰত।

প্ৰেৰকঃ বৰ্ণালী তালুকদাৰ

You might also like