বিশ্বনাথৰ ৰেঙণিত স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ বিশ্ব মুখ স্বাস্থ্য দিবস উপলক্ষে আজি বিশ্বনাথ চাৰিআলিস্থিত অন্য প্রকাৰে সক্ষম শিশুৰ আরাস ৰেঙণিত এক বিনামূলীয়া দন্ত স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয় । ৰাষ্ট্রীয় মুখ স্বাস্থ্য কাৰ্যসূচীৰ অধীনত তথা বিশ্বনাথ হেল্থ চছাইটিৰ উদ্যোগত আয়োজিত শিবিৰত ৰেঙণিত থকা শিশু সকলৰ দন্ত স্বাস্থ্য পৰীক্ষা কৰা হয়। পৰীক্ষা শিবিৰত বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডা. দেৱ কুমাৰ বৰদলৈ, ডা° ৰিণিষা গৌতম আৰু বৰগাং আদর্শ চিকিৎসালয়ৰ ডা° নিয়ৰকণা শইকীয়াই চিকিৎসা প্রদান কৰে। আজিৰ অনুষ্ঠানত ৰেঙণিৰ তত্ত্বাবধায়ক ডা. অমল শইকীয়া, বিশিষ্ট নাট্যকাৰ তৰুণ শইকীয়া, অকণ হাজৰিকা, দুর্গেশ্বৰ শইকীয়া হীৰেণ বৰা দীপ্তি হাজৰিকা মনালিছা শৰ্মা প্ৰমুখ্যে বহু সংখ্যক ব্যক্তি উপস্থিত থাকে। শিবিৰত বিনামূলীয়াকৈ ঔষধৰ লগতে টুথপেষ্ট বিতৰণ কৰা হয়।