বুঢ়াচাপৰি অভয়াৰণ্যৰ অবৈধ বেদখলীলৈ উচ্ছেদৰ জাননী
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: নগাঁও জিলাৰ বুঢ়াচাপৰি অভয়াৰণ্যৰ লাঠিমাৰি, আবেদৰ ,আৰু বুটমাৰি চাপৰিত বনবিভাগৰ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। ১৫দিনৰ ভিতৰত বনভূমি খালী কৰাৰ নিৰ্দেশ বনবিভাগৰ। অন্যথা খালী নকৰিলে বনভূমি দখল কৰা বেদখলকাৰীৰ ওপৰত উচ্ছেদ চলাব বনবিভাগে । উচ্ছেদৰ জাননীৰ পাছতেই বনভূমি দখল কৰা বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ পৰিস্থিতিৰ। পুনঃসংস্থাপন অবিহনে কোনো কাৰণতে বনভূমি ত্যাগ নকৰাৰ হুংকাৰ বনভূমি দখল কৰা বেদখলকাৰীৰ । প্ৰায় ১৫/১৬ বছৰ আগতে বন বিভাগৰ কিছু অৰ্থলিপ্সু বনবিষয়াৰ সোপাধিলা নীতি আৰু ধনৰ বিনিময়ত একাংশ দালালে এইসকল লোকক বন বিভাগৰ ভুমি বেদখল কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবেই আজিৰ এই পৰিস্থিতি। সেই সময়ৰ পৰাই বিভিন্ন সমষ্টিৰ পৰা লোক আহি বন বিভাগৰ হাজাৰ হাজাৰ বিঘা ভূমি বেদখল কৰি ঘৰ দুৱাৰ সাজি নিজৰ পৈতৃক সম্পত্তি ৰূপে ভোগ দখল কৰি জীৱন যাপন কৰি আহিছে। যাৰ ফলশ্ৰুতিত বুঢ়াচাপৰি অভয়াৰণ্যৰ বন্যপ্ৰাণীৰ প্ৰতিও আহিছিল তীব্ৰ ভাবুকি। কিন্তু ইমানৰ পাছতো গোপন বুজাবুজিৰে বছৰ বছৰ ধৰি বনকৰ্মীয়ে গিজগিজাই থকা অভয়াৰণ্যখনৰ বনবিভাগে চকুমুদা কুলিৰ ৰূপত নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি আহিছিল । অৱশেষত সংবাদ মাধ্যমৰ বাতৰিৰ পাছতেই গা লৰিল বনবিভাগৰ। এতিয়া কিদৰে বনবিভাগে বুঢ়াচাপৰি অভয়াৰণ্যৰ বনভূমি বেদখল মুক্ত কৰে সেয়া সময়তহে লক্ষণীয় হ’ব।
প্ৰেৰকঃ জহিৰুল ইছলাম /ৰূপহীহাট