নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-বাংলাদেশ সীমান্তৰ এক বিস্তীৰ্ণ অঞ্চলত স্থাপিত স্মাৰ্ট ফেঞ্চিং ব্যৱস্থাপনাৰ কাৰ্যকাৰিতাক লৈ প্ৰশ্ন!

নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ: অসমৰ বিজেপি নেতৃত্বাধীন নতুন চৰকাৰখনে গৰুৰ চোৰাং বেহা বিৰোধী কঠোৰ স্থিতি লোৱাৰ পিছৰে পৰা বাংলাদেশলৈ অবৈধ ভাৱে পশুধন সৰবৰাহ কৰা চক্ৰবোৰৰ বিৰূদ্ধে ৰাজ্যজুৰি আৰম্ভ হৈছে আৰক্ষীৰ অভিযান।  সমান্তৰাল ভাৱে  ধুবুৰী আৰু মানকাচৰ–দক্ষিণ শালমাৰা জিলাৰ আৰক্ষীয়েও   গৰুৰ চোৰাং বেহা বিৰোধী অভিযান চলোৱা দেখা গৈছে। পিছে  ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ এক বিস্তীৰ্ণ অঞ্চলত “স্মাৰ্ট ফেঞ্চিং”  ব্যৱস্থাপনা কাৰ্যকৰী হৈ থকা স্বত্বেও কিদৰে  জিলা দুখনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত গৰুৰ চোৰাং বেহাৰ সৈতে জড়িত চক্ৰসমূহ এতিয়াও সক্ৰিয় হৈ আছে সেয়া এক প্ৰশ্নৰূপে দেখা দিছে। স্মৰ্তৱ্য যে,  ২০১৯ চনৰ ৫ মাৰ্চৰ দিনা তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে  ধুবুৰীৰ ভাৰত–বাংলাদেশ সীমান্তৰ অতি দূৰ্গম বৰ্মনপাৰা সীমান্ত নীৰিক্ষণ চকী (বিওপি)ত উপস্থিত হৈ সীমান্ত নীৰিক্ষণৰ এক অত্যাধুনিক পদ্ধতি শুভাৰম্ভ কৰিছিল৷ “কম্প্ৰিহেনচিভ ইনটিগ্ৰেডেড বোৰ্ডাৰ মেনেজমেন্ট চিচটেম” ( চি. আই.বি.এম.চি.) নামৰ এক আঁচনীৰ অধীনত নিৰ্মাণ কৰি উলিওৱা বোল্ড-ক্যুইট (BOLD-QIT :- Border electronically dominated quick response team interception technique)  নামৰ অত্যাধুনিক সেই পদ্ধতিৰ সহায়ত ধুবুৰীৰ বিন্নাচৰাৰ পৰা মানকাচৰৰ শিশুমাৰালৈ প্ৰায় ৬১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ  সীমান্তত এক কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা সম্ভৱ হ’ব বুলি দাৱী কৰা পোৱা গৈছিল সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)য়ে৷  এই পদ্ধতিৰে  সীমান্তৰ পানী, বায়ু, স্থলৰ উপৰিও ভূগৰ্ভইদিও হ’ব পৰা যিকোনো সম্ভাৱ্য অনুপ্ৰৱেশ ৰোধ কৰা সম্ভৱপৰ হ’ব বুলিও দাৱী কৰা পোৱা গৈছিল  বিশেষজ্ঞসকলে৷  মাটিৰ তলত ‘অ’প্টিকেল ফাইবাৰ ছিষ্টেম’’, জলপথত চেঞ্চৰযুক্ত “ছ’নাৰ ছিষ্টেম”, শূন্যত “হাই ৰিজ’লুচন কেমেৰা”  থকাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় সীমাত “লেজাৰ ছিষ্টেম”ৰ মিলিত সমন্বয়ৰ সেই  অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত কেৱল স্থল সীমান্তই নহয়, উন্মুক্ত নদী সীমান্ততো কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা সম্ভৱপৰ হ’ব বুলিও দাৱী কৰিছিল বিশেষজ্ঞ একাংশই। স্বাভাৱিক ভাবেই সেই অত্যাধুনিক সীমান্ত নীৰিক্ষণৰ ব্যৱস্থাপনাৰ সহায়ত ভাৰত–বাংলাদেশ সীমান্তইদি অনুপ্ৰৱেশ ৰোধ কৰাৰ সমান্তৰাল পশুধনকে ধৰি চলি থকা অন্যান্য চেৰাং কাৰবাৰৰ সৈতে জড়িত চক্ৰসমূহক নাকী লগোৱা সম্ভৱপৰ হ’ব বুলি আশা কৰা হৈছিল। কিন্তু উক্ত ব্যৱস্থাপনা আৰম্ভ হোৱাৰ পিছতো আৰক্ষী আৰু বিএছএফৰ অভিযানত ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তাইদি চোৰাংকৈ সৰবৰাহ কৰিবলৈ অনা বহু পশুধন জব্দ  হোৱাৰ সমান্তৰালকৈ সৰবৰাহকাৰীও কৰায়ত্ব হোৱা প্ৰত্যক্ষিত হৈছে। ফলত স্বাভাৱিক ভাৱেই, সীমান্তৰ এক বিস্তীৰ্ণ অঞ্চলত স্মাৰ্ট ফেঞ্চিং ব্যৱস্থাপনা কাৰ্যকৰী হৈ থকা স্বত্বেও জিলা দুখনৰ ভাৰত–বাংলাদেশ সীমান্তৰ একাংশ অঞ্চলত  পশুধনৰ চোৰাং বেহা কিদৰে অৱ্যাহত আছে সেই প্ৰশ্নও উত্থাপিত হৈছে। এনে প্ৰেক্ষাপটত, অবৈধ অনুপ্ৰৱেশকে ধৰি পশুধন আৰু অন্যান্য চোৰাং বেপাৰৰ সৈতে চক্ৰবোৰক নাকী লগোৱাৰ স্বাৰ্থত ৰাজ্যৰ নামনিৰ  ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত–বাংলাদেশৰ  স্থল আৰু নদী সীমান্তত লাগু হোৱা ‘‘স্মাৰ্ট ফেঞ্চিং’’ ব্যৱস্থাপনা সম্পূৰ্ণ ৰূপে কাৰ্যকৰী কৰাৰ প্ৰয়োজনীয়তা থকা বুলি উচ্চাৰিত হৈছে।

input: অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like