মঙলবাৰে বান পৰিস্থিতি বুজ ল’বলৈ জোনাইলৈ যাব মুখ্যমন্ত্ৰী সোণোৱাল
নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ বান সাহাৰ্য নাম চলিছে ব্যাপক দুৰ্নীতি , অনিয়ম৷ বান সাহাৰ্য বিতৰণত অনিয়ম দেখি খং বিধায়ক ভূৱন পেগুৰ৷ জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত ২৩৯ টা গাঁৱৰ বান আক্ৰান্ত ৰাইজক জোনাই মহকুমা প্ৰশাসনে বান সাহাৰ্য দিয়াৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি অনিয়ম৷ এই কথা আমি কোৱা নহয় কৈছে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে৷ সোমবাৰে জোনাই চমকং হাইস্কুলত প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰত পৰিদৰ্শন কৰি বুজ লয় বানাক্ৰান্ত ৰাইজক৷ আশ্ৰয় শিবিৰত প্ৰশাসনে যোগান দিয়া নিম্নমানৰ আৰু সৰু তিৰপাল দেখি খং উঠিল বিধায়ক ভূৱন পেগুৰ৷ প্ৰশাসনে যোগান দিয়া তিৰপালক ফিটা মাৰি জোখি চালে বিধায়ক ভূৱন পেগুৱে৷ তিৰপাল খনত লিখা আছে ৮×২০ ৷ কিন্ত ফিটা মাৰি জোখাত ৭×৮ ফুটহে৷ বিধায়ক ভূৱন পেগুৰ মতে অকল তিৰপালৰ ক্ষেত্ৰতে দুৰ্নীতি অনিয়ম হোৱা নাই হৈছে চাউল নিমখ, খোৱাপানী, তেল মম আদি যোগানৰ ক্ষেত্ৰতো সংঘটিত হৈছে অনিয়ম দুৰ্নীতি৷
ইফালে মঙলবাৰে জোনাইৰ বান পৰিস্থিতি বুজ লবলৈ আহিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল৷ মুখ্যমন্ত্ৰীৰ ওচৰত জোনাই মহকুমা প্ৰশাসনে বানসাহাৰ্য্য বিতৰনৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতি অনিয়মৰ সন্দৰ্ভত বিধায়ক ভূৱন পেগুৱে অভিযোগ কৰিব বুলি জানিব দিয়ে৷
আনহাতে বান আক্ৰান্ত ৰাইজৰ অভিযোগ বান সাহাৰ্য নামত জোনাই মহকুমা প্ৰশাসনে ব্যাপক অনিয়ম আৰু দুৰ্নীতি কৰা বুলি অভিযোগ কৰিছে বানাক্ৰান্ত ৰাইজে৷ বানপীড়িতক যোগান দিছে পচা তিৰ্পাল ৷ এজাক বৰষুণজাকতে ফাটি যায় প্ৰশাসনে যোগান ধৰা তিৰ্পাল৷ যোগান দিয়া নাই পৰ্যাপ্ত খাদ্য সামগ্ৰী ক্ষোভিত বানাক্ৰান্ত ৰাইজ৷ পশুধনৰ বাবে আজি পৰ্যন্ত নাই কোনো পশু খাদ্য৷ বানৰ নামত অহা কোটি কোটি টকা মহকুমা প্ৰশাসনে যোগনীয়াৰ সৈতে মিলি সিংহ ভাগ আত্মসাৎ কৰাৰ আভিযোগ কৰিছে ৰাইজে