মঠাউৰি মেৰামতি কামৰ পৰিদৰ্শন বিধায়ক মৃণাল শইকীয়াৰ
নিয়মীয়া বাৰ্তা ২৬ মেঃ বাৰিষা সমাগত। বাৰিষা অহা মানেই নৈ পৰীয়া ৰাইজৰ বাবে এক বৃহৎ দুৰ্যোগ । বানত বুৰ যায় একো একোটা বৃহৎ অঞ্চল। তাৰ লগে লগে বাঢ়নী পানীয়ে মঠাউৰি চিঙি নিয়াৰ দৰে ঘটনা বিগত বৰ্ষত ৰাজ্য খনত তেনেই সুলভ। বিষয়া অভিযন্তাই মঠাউৰি নিৰ্মাণত ঠিকাদাৰৰ লগত মিলি লাখে লাখে টকা উদৰস্থ কৰাৰ ফলতেই মঠাউৰি সমুহ দূৰ্বল হৈ পৰা পৰিলক্ষিত হয় । কিন্তু এইবাৰ বাৰিষাৰ পূৰ্বেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠাউৰি সমূহ মেৰামতি কৰাৰ বাবে তৎপৰ হৈছে জলসম্পদ বিভাগ।
আজি খুমটাইৰ গড়মৰা মঠাউৰি মেৰামতি কামৰ পৰিদৰ্শন কৰে বিধায়ক মৃনাল শইকীয়াই। বানৰ সময়ত মঠাউৰিত সৃষ্টি হ’ব পৰা সমস্যা সমূহ ততালিকে দূৰ কৰিবৰ বাবে প্ৰয়োজনীয় সকলো কাম-কাজ বিষয়া কৰ্মচাৰীক এতিয়াই সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে বিধায়কগৰাকীয়ে। লগতে বিধায়ক মৃনাল শইকীয়াই সাংবাদিকৰ আগত কয় যে পূৰ্বতে অভিযন্ত্ৰা-ঠিকাদাৰৰ গাফিলতিৰ বাবেই সমস্যাৰ সৃষ্টি হৈছিল। এইবাৰ মঠাউৰি নিৰ্মানত হেমাহি কৰিব নোৱাৰিব অভিযন্ত্ৰা-ঠিকাদাৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বানমুক্ত অসম গঢ়াৰ লক্ষ্য আগত ৰাখি সকলোকে মঠাউৰি নিৰ্মাণত যাতে গাফিলতি নহয় তাৰ প্ৰতি চকু ৰাখিবলৈ আহ্বান জনায়।