মাজুলী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নৰদেৱ শাখা সাহিত্য সভাৰ সহযোগত ‘শিল্পী দিৱস’ উদযাপন
নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ অসমৰ মেটমৰা সাহিত্য সম্ভাৰক বহুলাংশে সমৃদ্ধি কৰা,সংস্কৃতিৰ পূজাৰী, গীতিকাৰ, সুৰকাৰ,নাট্যকাৰ,মহান সাহিত্যিক আৰু প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু দিৱস উপলক্ষে মাজুলী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নৰদেৱ শাখা সাহিত্য সভাৰ সহযোগত শ্ৰী শ্ৰী দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ প্ৰাংগণত দিনজোৰা কাৰ্য্যসূচীৰে ‘শিল্পী দিৱস’ উদযাপন কৰা হয় | পুৱা ৮:৩০ বজাত পতাকা উত্তোলন কৰে মাজুলী জিলা সাহিত্য সভাৰ উপ-সভাপতি প্ৰফুল্ল বৰুৱাই | পুৱা ৮-৪৫ বজাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত ধূপ বন্তি প্ৰজ্বলনেৰে স্মৃতি তৰ্পণ কৰে মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্যোতি ৰেগনে | দিনৰ ১০-০০ বজাত অসম সংগীত ‘ চিৰ চেনেহী মোৰ ভাষা জননী’ আৰম্ভণি গীতেৰে শুভাৰম্ভণি হোৱা স্মৃতিচাৰণ সভাত মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্যোতি ৰেগনে আঁত ধৰা অনুস্থানত সভাপতিত্ব কৰে মাজুলী জিলা সাহিত্য সভাৰ উপ-সভাপতি প্ৰফুল্ল বৰুৱাই | সভাৰ নিমন্ত্ৰিত সন্মানীয় অতিথিসকলক আদৰণি জনাই উপবিষ্ট কৰোৱাৰ পিছতেই মাজুলী জিলা সাহিত্য সভাৰ সম্পাদকে আদৰণী ভাষণ আগবঢ়ায় | মনস্বীতা গোস্বামীৰ শংকৰদেৱৰ টোটয় পৰিৱেশনৰ পিছতে উদাত্ত ভাষণ আৰু স্ব-ৰচিত কবিতা পাঠ কৰি সভাখন উদ্বোধন কৰে শ্ৰী শ্ৰী দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দনদেৱ গোস্বামীয়ে | নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে বিশিষ্ট অনাতাঁৰ শিল্পী , মিচিং লোক-সংস্কৃতিৰ গৱেষক,সাহিত্যকৰ্মী অমিয় কুমাৰ চিৰাঙে | তেখেতৰ বক্তব্যত কয় যে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাদেৱ মনে-প্ৰাণে অসমীয়া , কৰ্মৰে অসমীয়া আৰু তেখেতৰ সৃষ্টিৰাজিয়ে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰালক চহকী কৰি শ্ৰেষ্ঠ অসমীয়া হিচাপে পৰিচয় দিলে | বিশিষ্ট অতিথি ক্ৰমে-মাজুলী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰমেশ চন্দ্ৰ শইকীয়া, নৰদেৱ শাখা সাহিত্য সভা, দক্ষিণপাটৰ সভাপতি ৰোহিত কলিতা, ত্ৰিবেণী শাখা সাহিত্য সভা, বনগাঁৱৰ সভাপতি ৰবীন শইকীয়া, ৰাৱনাপাৰ শাখা সাহিত্য সভাৰ সভাপতি জীৱেশ্বৰ বৰা, মাজুলী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য গোপাল বৰাই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক স্মৰণ কৰি বক্তব্য প্ৰদান কৰে | সভাত বলিষ্ঠ কণ্ঠেৰে কবিতা পাঠ কৰে উদীয়মান কবি শংকুসিদ্ধ নাথ, ৰূপজ্যোতি যুৱতী দলৰ সমবেত সংগীত পৰিবেশন , জ্যোতি সংগীত পৰিবেশন কৰে ক্ৰমে -জ্যোৎস্না কলিতা,অংকুৰজ্যোতি দত্ত, অনুৰাগ কলিতা, খগেন বৰা আৰু নৃত্য পৰিৱেশন কৰে স্তুতিপ্ৰিয়া শইকীয়াই | সভাত সমজুৱা একাষাৰ বক্তব্য প্ৰদান কৰে ত্ৰিবেণী শাখা সাহিত্য সভা, বনগাঁৱৰ সম্পাদক কুশদ্বীপ হাটীমতাই | সভাত ক্ৰমে -মাজুলী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক মহিম চন্দ্ৰ নাথ,মাজুলী জিলা সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক ডিম্বেশ্বৰ দত্ত, উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি প্ৰণৱজিৎ মিশ্ৰ, উপ- সভাপতি অনুপ্ৰভা দেৱী, সম্পাদক কৃষাৰাণী শইকীয়া বৰুৱা, নৰদেৱ শাখা সাহিত্য সভাৰ সম্পাদক সঞ্জীৱ শৰ্মা প্ৰমুখ্যে কেইবাজনো গণ্য মান্য ব্যক্তি উপস্থিত থাকে | সভাপতি মন্তব্যৰ পিছতে শলাগৰ শৰাই আগবঢ়াই নৰদেৱ শাখা সাহিত্য সভাৰ সম্পাদক পবিত্ৰ কলিতাই | সভাৰ শেষত জাতীয় সংগীত পৰিৱেশন কৰি সভা সমাপ্ত হোৱা বুলি ঘোষণা কৰে |
প্ৰেৰকঃ প্ৰাঞ্জল খাউণ্ড