নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও জিলা উপায়ুক্তক পুথিভঁড়াল সন্থাৰ উষ্ম আদৰণি

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থা নগাঁও আৰু মৰিগাঁও জিলা গ্রাম্য পুথিভঁড়াল সন্থাৰ যুটীয়া উদ্যোগত সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় নগাঁৱত আজি মৰিগাঁও জিলা উপায়ুক্ত দেৱাশীষ শর্মাৰ্ক উষ্ম আদৰণি জনোৱা হয়। সহাৰ আনন্ত্ৰণ ক্ৰমে উপায়ুক্ত গৰাকীয়ে সম্ভার কার্যলিয়ত উপস্থিত হৈ সন্থাই ভাৰত চৰকাৰ মহিলা আৰু শিশু বিকাশ মন্ত্রাল, ভাৰত চৰকাৰ সামাজিক ন্যায় আৰু স-শক্তি মন্ত্ৰালয় আৰু অসম চৰকাৰ সহযোগত পৰিচালনা কৰা জ্যেষ্ঠ নাগরিক আবাস গৃহ, নবজীবন বিশেষ শিশুগ্রহ, উপহাৰ বিশেষ দত্তক গ্রহণ কেন্দ্ৰ আৰু আইদেউ সন্দিকৈ স্বধাৰগৃহ পরিদর্শন কৰাৰ লগতে গৃহৰ আবাসী সকলৰ লগত মত বিনিময় কৰে। এই উপলক্ষে সন্থাৰ সভাপতি প্রতাপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত আদৰণি সভাখনত উপায়ুক্ত গৰাকীক ফুলাম গামোচা, চেলেঙ, জাপি আৰু শৰাইৰ লগতে প্রশস্তি পত্র প্রদান করা হয়। সন্থাৰ প্ৰধান সম্পাদক বলদেৱ শৰ্মাই আঁতধৰা আদৰণি সভাখনত বিশিষ্ট অতিথি হিচাবে অংশ গ্রহণ কৰে শ্রীমন্ত শঙ্কৰ মিশ্যনৰ উপ সভাপতি ডাঃ কৃষ্ণ কুমাৰ বৰা, বিশিষ্ট সমাজকৰ্মী, প্রাক্তন উপাধ্যক্ষ বীৰেন্দ্ৰ কুমাৰ দাস, নগাঁও জিলা পুথিভঁড়াল সন্থাৰ সভাপতি ফজলুল হক মৰল, সম্পাদক ভূপেন চন্দ্র নাথ, মিশ্যনৰ যুটীয়া সম্পাদক প্রদীপ শ‍ইকীয়া, সদস্য পল্লৱ বৰুৱা, মৰিগাঁও জিলা গ্রাম্য পুথিভঁড়াল সন্থাৰ সম্পাদক বলদেব নাথ আৰু শিল্পী ধেনুৰাম নাথে। সন্থাৰ শিল্পী সকলৰ সমবেত সংগীতেৰে আৰম্ভ কৰা সভাখনত শ্ৰীমন্ত শঙ্কৰ মিশ্যন আৰু সম্ভাৰ দ্বাৰা পৰিচালনা কৰা নরজীৱন শিশুগৃহৰ তৰফৰ পৰা উপায়ুক্ত গৰাকীক ফুলাম গামোচাবে আদৰণি জনোৱা হয়। সভাত উপায়ুক্ত গৰাকীয়ে বক্তব্য প্ৰদান কৰি সন্থাৰ জনকল্যাণ মূলক কাম-কাজক ভূষী প্রশংসা কৰে আৰু গীত পৰিবেশন কৰি সকলোকে মোহিত কৰে। অসম সংগীতেৰে সামৰনি পৰা সভাখনত শলাগৰ শৰাই আগবঢ়াই সন্থাৰ সহকাৰী সম্পাদক খগেন চন্দ্র নাথে।
You might also like