মৰিয়নিত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত তিনিটা ঘৰ ধ্বংস
নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ: মৰিয়নি আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে । মৰিয়নিৰ কাষৰীয়া হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ এটা বৃহৎ পালে বিভিন্ন অঞ্চলৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰিছে । যোৱা পুৱতি নিশা ডকলঙ্গীয়া চাহ বাগিচাৰ কে কে লাইনত বনৰীয়া হাতীৰ এটা পাল প্ৰৱেশ কৰি লাইনৰ তিনিটা ঘৰৰ ক্ষতিসাধন কৰে । হাতীৰ পালটোৱে তিমট নাগবংশী আৰু এলভিনা নাগবংশী, ৰুবুল নাগবংশী আৰু অঞ্জনা নাগবংশী আৰু মকৰ নাগবংশীৰ ঘৰৰ ভাঙি পেলায় । পৰিয়ালকেইটাৰ লোকসকল কথমপি হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে যদিও ঘৰ কেইটাৰ বিস্তৰ ক্ষতিসাধন কৰে ।আনকি ঘৰৰ আচবাব বোৰৰো অনিষ্টসাধন কৰে হাতীৰ পালটোৱে । পিছত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ঘটনাস্থলীত উপস্থিত হৈ ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাক নিজাববীয়াকৈ সামান্য আৰ্থিক সাহায্য আগবঢ়ায় । উল্লেখযোগ্য যে, হাতী মানুহৰ সংঘাতে দিনে দিনে অধিক জটিল ৰূপ ধাৰণ কৰি আহিছে যদিও বন বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষই এই সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত আজি পৰ্য্যন্ত কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।