নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি প্ৰেছ ক্লাৱৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্য্যটন দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া মৰিয়নি প্ৰেছ ক্লাৱৰ বৰ্ষজোৰা কাৰ্য্যসূচীৰ অংশস্বৰূপে আজি প্ৰেছ ক্লাৱৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্য্যটন দিৱস উদযাপন কৰা হয় । মৰিয়নিৰ মেলেঙৰ গিবন ইক’ কেম্পৰ সহযোগত হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ দাঁ‌তিত অনুষ্ঠিত এই পৰ্য্যটন দিৱসত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আদিয়ে অংশগ্ৰহণ কৰে । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংসদ তপন কুমাৰ গগৈয়ে গিবন অভয়াৰণ্যখনকলৈ মৰিয়নি প্ৰেছ ক্লাৱে ৰাষ্ট্ৰীয় পৰ্য্যটন দিৱসৰ আয়োজন কৰা কাৰ্য্যক প্ৰশংসা কৰি কয়- অসমৰ মানুহৰ স্বাভিমান আছে । পৰ্যটনৰ ক্ষেত্ৰত অসম বহু আগবঢ়া । কেতবোৰ বিশেষ কাৰণত অসমৰ পৰ্য্যটন ক্ষেত্ৰখন ভবাৰ দৰে আগবাঢ়ি যাব পৰা নাছিল যদিও শেহতীয়াকৈ চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰেও অসমৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে । মৰিয়নি সমষ্টিৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহৰ আন্তঃগাঁ‌ঠনি উন্নয়নৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

আনহাতে, মৰিয়নি প্ৰেছ ক্লাৱে সাংসদ তপন গগৈক এক স্মাৰক পত্ৰ প্ৰদান কৰি সমস্যাসমূহ সমাধানৰ বাবে আহ্বান জনায় । স্মাৰক পত্ৰত প্ৰেছ ক্লাৱে গিবন অভয়াৰণ্যৰ আন্তঃগাঁ‌ঠনি উন্নয়ন কৰা, দেশী বিদেশী পৰ্যটক থাকিব পৰাকৈ আধুনিক আৰু অধিক কোঠাৰ ব্যৱস্থা থকা এটা অতিথিশালা নিৰ্মাণ কৰা, অভয়াৰণ্যখনত পৰ্য্যাপ্ত বনৰক্ষীৰ নিযুক্তি দিয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে গিবনতো অধিক বনকৰ্মী নিয়োগ কৰি অভয়াৰণ্যৰ লগতে তাৰ জীৱজন্তুৰ জীৱন ৰক্ষা কৰাৰ ব্যৱস্থা কৰা, গিবন অভয়াৰণ্যলৈ সোমাই যোৱা পথত আদৰণি তোৰণৰ ব্যৱস্থা কৰাকে ধৰি বহুকেইটা সমস্যা সমাধানৰ আহ্বান জনায় । স্মাৰক পত্ৰত মৰিয়নি সমষ্টিৰ গিবন অভয়াৰণ্যৰ লগতে প্ৰচুৰ সম্ভাৱনা থকা গিবন অভয়াৰণ্যৰ কাষৰীয়া দিছৈ ভেলী, ঐতিহাসিক গাভৰু পৰ্বত, গমধৰ কোঁ‌ৱৰ ক্ষেত্ৰ আদিক লৈ এক পৰ্য্যটন ক্ষেত্ৰ গঢ়ি তুলিবলৈও আহ্বান জনায় ।

সাংসদ তপন গগৈয়ে এইক্ষেত্ৰত সোনকালেই ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰাৰ ওপৰিও লোকসভাৰ অধিৱেশনৰ সময়ত গিবন অভয়াৰণ্যৰ উন্নয়নৰ সম্পৰ্কে কেন্দ্ৰীয় পৰ্য্যটন আৰু পৰিবেশ মন্ত্ৰীৰ সৈতে আলোচনা কৰিব বুলিও জানিবলৈ দিয়ে । তাৰ বাবে ইতিমধ্যে গিবন অভয়াৰণ্যৰ সম্পৰ্কত এক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ মৰিয়নিৰ বনাঞ্চলিক বিষয়াক সাংসদ গগৈয়ে আহ্বান জনায় । সাংসদগৰাকীক গিবন ইক’ কেম্প আৰু স্থানীয় মহিলাসকলেও সুকীয়াকৈ স্মাৰক পত্ৰ প্ৰদান কৰে । বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিলুপ্তপ্ৰায় হলৌ বান্দৰক সুৰক্ষা দিয়াৰ লগতে গিবন অভয়াৰণ্যক এখন লেখত ল’বলগীয়া অভয়াৰণ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সকলো সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে । দিব্যজ্যোতি শইকীয়াই আঁ‌ত ধৰা অনুষ্ঠানটিত গিবন অভয়াৰণ্যৰ সৈতে জড়িত হৈ থকা মুঠ ১১ গৰাকী টুৰিষ্ট গাইডক প্ৰেছ ক্লাৱ আৰু গিবন ইক’ কেম্পৰ তৰফৰ পৰা চেলেং চাদৰেৰে সন্মান জনোৱাৰ লগতে একোটিকৈ থাৰ্ম’ ফ্লাক্স প্ৰদান কৰা হয় ।

অনুষ্ঠানটোত মৰিয়নিৰ বনাঞ্চলিক বিষয়া অনিমেষ কলিতা, মেলেং খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ খণ্ড বন বিষয়া বন্দন দুৱৰী, মৰিয়নি প্ৰেছ ক্লাৱৰ সভাপতি জীৱন চন্দ্ৰ দত্ত, ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ চামগুৰি সমষ্টি নিৰ্বাচিত সদস্য পুলক কছাৰী, মৰিয়নি ই-মেডিয়া সন্থাৰ সম্পাদক প্ৰাঞ্জল পাওগাম, গিবন ইক’ কেম্প’ৰ জয়ন্তজ্যোতি শৰ্মা আৰু পিনাকপানি বৰঠাকুৰ, সমাজকৰ্মী, শিক্ষাবিদ নেকিবুল ইছলাম, ৰতন সিং, পুলিন সন্দিকৈ, জ্যেষ্ঠ সংবাদকৰ্মী দীপক দত্ত, নিত্যানন্দ দাস, ৰমেশ আগৰৱালা, দীপক দত্ত ( জোন ), ৰাজীৱ কৰ্মকাৰ, সপোন ৰহমান শইকীয়া, কৃষ্ণ শৰ্মা, বীৰেন তাঁ‌তী, গৌৰৱ চুতীয়া, ৰিতুৰাজ গগৈ , ৰুনজুন মিত্ৰ আদি উপস্থিত থাকে । অনুষ্ঠানটোত কিছু সময়ৰ বাবে যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনো উপস্থিত থাকে । আজিৰ অনুষ্ঠানটোৰ পিছত মৰিয়নিৰ পৰ্যটন ক্ষেত্ৰখনে এক ইতিবাচক সঁ‌হাৰি লাভ কৰিব বুলি আশা কৰা হৈছে ।

You might also like