নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত আৰক্ষীৰ অভিযানত তিনি ডকাইত গ্ৰেপ্তাৰঃ জেল হাজোতলৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ৩০ মে’:  বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত কটাশবাৰীত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে অভিযান চলাই তিনিজন ডকাইতক গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে ।ধৃত ডকাইত তিনিজন ক্ৰমে- কটাশবাৰী গাঁৱৰ প্ৰাণজিৎ ৰায়(২৫), নয়াগাঁৱৰ চান্দ মিঞা(২৮) আৰু অভয়াপুৰী থানাৰ অন্তৰ্গত নাৰিকলাৰ ৰামচৰন ৰায়(২৫) বুলি আৰক্ষী সূত্ৰে জনা গৈছে ।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত তিনিটাৰ বিৰুদ্ধে যোগীঘোপা থানাত ৯৭/২০২২ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি আজি উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে ।

জানিব পৰা মতে, এক গোপন সূত্ৰৰ ভিত্তিত যোগীঘোপা আৰক্ষীৰ তহলদাৰীৰ এটা দলে যোৱা নিশা কটাশবাৰীত অভিযান চলায় ।আৰক্ষীৰ দলটোৰ উক্ত অভিযানত ডকাইত তিনিজনক গ্ৰেপ্তাৰ কৰিছিল ।ডকাইত তিনিজনে ৰাষ্ট্ৰীয় ঘাইপথত চোকা অস্ত্ৰ, লাঠি-জোং দেখুৱাই বিভিন্ন গাড়ীৰ পৰা টকা লুটি লৈ ডকাইতি কাণ্ড সংঘটিত কৰি আহিছিল ।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত তিনিজনক আজি জেল হাজোতলৈ প্ৰেৰণ কৰে ।

You might also like