যোৰহাটত ২৪টা চুৰি কুকুৰ উদ্ধাৰঃ খ্রীষ্টমাছ উপলক্ষে নাগালেণ্ড–মিজোৰামলৈ সৰবৰাহৰ চেষ্টা
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ উজনি অসমত সক্রিয় আন্তঃৰাজ্যিক কুকুৰৰ চোৰাং চক্র৷ গোলাঘাট, যোৰহাট, দেৰগাঁও আদিৰ পৰা পোহনীয়া আৰু পদপথৰ কুকুৰ ধাৰাবাহিকভাৱে চুৰি হৈ আহিছে৷ বিশেষকৈ দেৰগাঁৱৰ উপকণ্ঠৰ ছ’গুৰি মিচিং গাঁৱত ভালেসংখ্যক লোক কুকুৰৰ চোৰাং বেপাৰত জডিত৷ চুবুৰীয়া নাগালেণ্ড, মিজোৰাম, মণিপুৰ আদিলৈ কুকুৰৰ সৰবৰাহ হৈ আহিছে৷
আগত খ্রীষ্টমাছ অহাৰ লগে লগে চুবুৰীয়া ৰাজ্যকেইখনত কুকুৰৰ চাহিদা বৃদ্ধি পাইছে৷ যোৰহাটৰ পুলিবৰ থানাৰ অন্তর্গত ছ’গুৰি গাঁৱৰ পৰা পুলিবৰ আৰক্ষীয়ে এক গোপন সূত্রৰ পম খেদি ২৪টা চুৰি কুকুৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ডিএছপি মামণি হাজৰিকাৰ নেতৃত্বত যোৱা এটা দলে এই ২৪টা চুৰি কুকুৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ যোৰহাট নগৰৰ পৰা প্রায় ২৫ কিলোমিটাৰ নিলগৰ ছ’গুৰি গাঁৱৰ দকে দলে, উকৰাম দলে আৰু গণেশ দলেৰ ঘৰৰ পৰা এই চুৰি কুকুৰকেইটা উদ্ধাৰ কৰে৷ ইতিমধ্যে পুলিবৰ আৰক্ষীয়ে কুকুৰ চুৰি কৰা দকে দলেক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ আন দুজন কুকুৰ চোৰ পলাই যাবলৈ সক্ষম হয়৷ কুকুৰকেইটা বর্তমান পুলিবৰ থানাত ৰখা হৈছে৷