নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন অমান্যৰে চাপৰমুখত শাক-পাচলিৰ বজাৰ

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ লকডাউনৰ সময়ত অধিকাংশ লোক নিজ ঘৰতে গৃহবন্দী হৈ থকাৰ সময়তে আন একাংশ লোকে নীতি-নিয়ম অমান্য কৰি ঘূৰি ফূৰা কাৰ্যই অশনি সংকেট নমাই আনিছে । বিশেষকৈ গেলামাল আৰু শাক-পাচলি আদিৰ প্ৰয়োজনীয়তাৰ দোহাই দি একাংশ লোকে যোৱা কেইটাদিনত দেখুওৱা উদ্ধতালিয়ে চাপৰমুখ অঞ্চলৰ সচেতন লোকক হতচকিত কৰিছে ।

চাপৰমুখৰ একাংশ ব্যৱসায়ীয়ে দূৰ-দূৰণিৰ গাঁও, অঞ্চলৰ পৰা শাক-পাচলি সংগ্ৰহ কৰি আনি চাপৰমুখত বিক্ৰী কৰি আহিছে । আৰু একাংশ কাণ্ডজ্ঞানহীন লোকে পুৱাৰে পৰা সেই শাক-পাচলিৰ দোকানবোৰত কোনো সামাজিক দূৰত্ব বজাই নাৰাখি ভিৰ কৰি পৰিলক্ষিত হৈছে । যাৰ ফলত আৰক্ষীয়ে এনে একাংশ ব্যৱসায়ীক খেদি পঠিয়ায় ।

You might also like