নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক ডাউনে সংকটত পেলাইছে শিপিনীসকলক

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ নগাওঁ জিলাৰ খিলঞ্জীয়া মুছলমান সকলৰ অন্যতম বসতি প্ৰধান অঞ্চল হল জাজৰীৰ মুছলমান গাওঁ। ১৮২৬ চনতেই মানৰ আক্ৰমণৰ সময়ত গাওঁ খনৰ পূৰ্বপুৰুষ সকলে ইয়াতে বসতি কৰি গাঁও খন স্থাপন কৰিছিল। এই গাওঁখনৰ মহিলা সকলৰ অধিকাংশই দীৰ্ঘদিন ধৰি বয়ন শিল্পৰ লগত জড়িত হৈ আহিছে।

জাজৰি মুছলমান গাঁৱক দ্বিতীয় শুৱালকুচি বুলি অভিহিত কৰা হয়।কাৰণ বিভিন্ন অঞ্চলৰ মুছলমান ধৰ্মাৱলম্বী মহিলা সকলে কৃষি কৰ্মত অৰ্থাৎ পথাৰত ৰোৱনী-দাৱনি আদি কৰ্মত নিজকে নিয়োজিত কৰাৰ বিপৰীতে জাজৰি মুছলমান গাঁৱৰ মহিলা সকল বয়ন শিল্পত জড়িত। এই গাওঁখনৰ প্ৰায় ৪০ শতাংশ পৰিয়ালৰ জীৱিকাৰ প্ৰধান উৎসই হৈছে তাত শিল্প। গাওঁখনৰ প্ৰায় সহস্ৰাধিক শিপিনীয়ে চাদৰ-মেখেলা,ৰিহা-চেলেং,গামোচা আদি বস্ত্ৰ প্ৰস্তুত কৰে।কিন্তু শেহতীয়াকৈ কভিড-১৯ সংক্ৰমণ ৰোধৰ বাবে গ্ৰহণ কৰা ‘লক ডাউন’ৰ ফলত দেশৰ অন্য প্ৰান্তলৈ অৰ্থনৈতিক সংকট অহাৰ সমান্তৰাল ভাবে জাজৰিৰ মুছলমান গাৱৰ শিপিনী সকলো সংকতত পৰিছে।উল্লেখযোগ্য যে,সম্ভবতঃ আহোম ৰাজত্ব কালৰ সময়ৰ পৰাই এই মুছলমান শিপিনী সকল বয়ন শিল্পৰ লগত জড়িত। কিন্তু সংগঠিত ৰূপত এই শিল্প গঢ়লৈ উঠা নাছিল।

ব্যক্তিগতভাবে জাজৰি মুছলমান গাঁৱৰ শিপিনী সকলে তাতবৈ বস্ত্ৰ প্ৰস্তুত কৰা কাৰ্যৰ লগত জড়িত।১৯৬০-৬১ চনত স্থানীয় একাংশ লোকে এই শিপিনী সকলক সংগঠিত কৰাৰ চেষ্টা কৰে।সেই অনুযায়ী মৰহুম জমিয়ত উদ্দিন আৰু মৰহুম মজলুল হকে মহিলা সকলক একত্ৰিত কৰি জাজৰি মুছলমান গাওঁ বোৱাকটা সমবায় সমিতি গঠন কৰে।আশীৰ দশকৰ সময়ৰ পৰা বৰ্তমানলৈকে এই সমবায় সমিতিখনৰ দায়িত্বত আছে নেচিমা বেগম ওৰফে মেবি বেগম। মেবি বেগমৰ পৰা জানিব পৰামতে জাজৰি মুছলমান গাওঁ বোৱা কটা সমবায় সমিতিত বৰ্তমান প্ৰায় ২৫০ ৰো অধিক শিপিনী সদস্য হৈ আছে। ১৯৭৬-৭৭ চনত জাজৰি অঞ্চলৰ এটা অংশ মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত হয়।

সেয়ে সেই সময়তে মৰিগাঁও জিলাৰ অংশৰ শিপিনী সকলে গঠন কৰে ত্ৰিবেণী বোৱা কটা সমবায় সমিতি নামৰ আন এখন সমবায় সমিতি। বৰ্তমান সেই সমবায় সমিতিখনৰ নেতৃত্বত আছে চেফাতন নেছা নামৰ আন এগৰাকী মহিলা।একেদৰে মোলানকামোৰা আৰু বৰমনিপুৰতো আন দুখন সমবায় সমিতি গঠন হৈছে। কিন্তু লক্ষ্যনীয় কথা যে জাজৰি মুছলমান গাৱঁৰ এই বয়ন শিল্পক এক বৃহৎ উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ বহু সম্ভাৱনা থকাৰ পিচতো কোনো এখন চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই।তাৎৰ্যপূৰ্ণ যে জাজৰিৰ এই শিপিনী সকলৰ মূল সমস্যা হৈছে এখন উপযুক্ত বজাৰৰ অভাৱ। শেহতীয়াকৈ কভিড-১৯ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা ‘লক ডাউন’ৰ ফলত জাজৰি মুছলমান গাঁৱৰ শিপিনী সকলৰ অৰ্থনৈতিকভাবে ক্ষতিগ্ৰস্ত হৈছে।জাজৰি মুছলমান গাঁও বোৱাকটা সমবায় সমিতিৰ নেতৃত্বত থকা মেবি বেগমে এই সম্পৰ্কত জানিবলৈ দিয়ে যে-এই গাঁৱৰ শিপিনী সকলে এমাহত প্ৰায় ৩-৪ মোৰ পাটৰ কাপোৰ বব পাৰে।অনুৰূপ ধৰণৰে অন্য কাপোৰো বব পাৰে।

শিপিনী সকলৰ মাহে ৬-৭ হাজাৰ টকা আয় হয় ইয়াৰে তেওঁলোকে পৰিয়াল পোহপাল দিব পাৰে।তেওঁ কয় যে আমি সমবায় সমিতিয়ে শিপিনী সকলক সূতা যোগান ধৰো।তেওঁলোকে সেই সূতাৰে কাপোৰ বোৱাৰ পিচত আধা সংখ্যক কাপোৰ তেওঁলোকক দি আধা সংখ্যক কাপোৰ আমি সমবায় সমিতিয়ে সংগ্ৰহ কৰো।কাপোৰ সমূহ বহুতে আমাৰ ঘৰৰ পৰাই নিয়ে।তদুপৰি বাণিজ্য মেলা তথা অন্য স্থানতো বিক্ৰী কৰা হয়।আমাৰ গাঁৱৰ বহু নিবনুৱা যুৱকে কাপোৰ সংগ্ৰহ কৰি নি গাঁৱে গাৱে বিক্ৰী কৰে।পিচত আমাক মূলটো ঘুৰাই দি লভ্যাংশ তেওঁলোকে লয়।গুলনাহা বেগম নামৰ এগৰাকী শিপিনীয়ে জানিবলৈ দিয়ে যে- বিগত ২৫ বছৰ ধৰি তেওঁ কাপোৰবৈয়ে উপাৰ্জন কৰি আছে।এনেদৰে তেওঁ দুটি পুত্ৰ সন্তানক শিক্ষিত কৰাৰ লগতে কণ্যাক বিয়াও দিছে। কিন্তু শেহতীয়াকৈ ‘লক ডাউনে’ তেওঁলোকক বিপযৰ্স্ত কৰি পেলাইছে বুলি কয়।শিপিনী গৰাকীয়ে কোৱা মতে বৰ্তমান ‘লক ডাউন’ৰ বাবে তেওঁলোকে সুতা ক্ৰয় কৰিব পৰা নাই। প্ৰস্তুত কৰা কাপোৰো বিক্ৰী কৰিব পৰা নাই। জাজৰি মুছলমান গাঁও বোৱা কটা সমবায় সমিতিৰ নেতৃত্বত থকা মেবি বেগমে জনোৱামতে তেওলোকেে পাট সুতা কাছাৰৰ পৰা আনে।বৰ্তমান ‘লক ডাউন’ বাবে সুতা তেওঁলোকে আনিব পৰা নাই ।সেয়ে বহু শিপিনীয়ে কাপোৰ বব পৰা নাই।কেৱল গুলনাহা বেগমেই নহয়,গাওঁখনৰ চিমিম চুলতানা,নাজিমা বেগম,ৰুণু বেগম,মাৰিয়া নেছা আলেয়া বেগম,পুনু বেগম,নাজিনা বেগম আদি শিপিনীয়েও তাত শালত বস্ত্ৰ প্ৰস্তুত কৰি জীৱন নিৰ্বাহ কৰি আহিছে।চৰকাৰী ভাবে তেওঁলোকে কোনোধৰণৰ বিশেষ সাহায্য লাভ কৰা নাই যদিও দীনদয়াল আঁঁচনিৰ অধীনত বছৰদিয়েক পূৰ্বে এককালীন সাহায্য লাভ কৰিছিল।

ইয়াৰে একাংশ শিপিনীক তাতৰ শালৰ বাবে টিনপাত,সুতা আদি যোগান ধৰিছিল। জাজৰি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ আব্দুল খায়েৰ আহমেদে কয় যে-জাজৰি এই অঞ্চলৰ শিপিনী সকলে সুতা কাটি,কাপোৰ বৈ নিজে পৰিধান কৰাৰ লগতে আনকো যোগান ধৰিছিল। এই অঞ্চলৰ মহিলা সকলে পাটৰ কাপোৰ, শাৰী, গামোচা, ৰিহা, চাদৰ-মেখেলা আদিৰ লগতে টেবুলত পৰা কাপোৰ, চোলা কাপোৰ আদিও বয় উল্লেখযোগ্য যে জাজৰি পাৰ্শ্ববৰ্তী দলংঘাটত হস্ত তাত বস্ত্ৰ শিল্প বিভাগৰৰ এটা কাৰ্যালয়।আছে যদিও জাজৰি মুছলমান গাৱৰ শিপিনী সকলৰ প্ৰতি বিভাগটোৰ সহাৰি আশানুৰূপ নহয়।

You might also like