শিমলুগুৰিত অসম বহুমুখী সমবায় সমিতিৰ প্ৰৱঞ্চনাঃ প্ৰাপ্য ধন বিচাৰি গ্ৰাহকৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ অসম বহুমুখী সমবায় সমিতি বিত্তীয় প্ৰতিষ্ঠানৰ লখিমপুৰ জিলাৰ শিমলুগুৰিস্থিত শাখাটিয়ে গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ উক্ত প্ৰতিষ্ঠানটিত একাংশ গ্ৰাহকে প্ৰাপ্য ধন বিচাৰি এক উত্তপ্ত পৰিবেশ সৃষ্টি কৰে ৷ জানিব পৰা মতে, শিমলুগুৰি অঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু শিক্ষিত নিবনুৱাসকলক অৰ্থনৈতিকভাবে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ অন্তৰ্গত উক্ত শাখাটি শিমলুগুৰিত স্থাপিত হৈছিল ৷ শাখাটোৰ প্ৰতি সদভাব আৰু বিশ্বাস ৰাখি বহু সংখ্যক গ্ৰাহকে একাউন্ট খুলি পূৰ্ণ সহযোগিতা আগবঢ়াইছিল যদিও গ্ৰাহকসকলৰ একাউন্টৰ ম্যাদ পূৰ্ণ হোৱাৰ দুবছৰৰ পিছতো প্ৰাপ্য ধন ঘূৰাই পাবলৈ সক্ষম হোৱা নাই ৷নিজা সাঁচতীয়া ধন হেৰুৱাই মুৰে কঁপালে হাত দিবলগীয়া হৈছে গ্ৰাহকসকলে ৷প্ৰৱঞ্চনাৰ বলি হোৱা একাংশ গ্ৰাহকে শাখাটোত কালি উপস্থিত হৈ পৰিচালক আৰু কৰ্মচাৰীসকলক জবাহদিহি কৰাৰ লগতে প্ৰাপ্য ধন বিচাৰি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ৷ তেওঁলোকে গ্ৰাহকৰ পৰা সংগৃহিত ধনেৰে পৰিচালকৰ লগতে কৰ্মচাৰীসকলে সা-সম্পতি লৈ ঘৰ-দুৱাৰ নিৰ্মান কৰি স্বচ্ছ জীৱন আৰম্ভ কৰাৰ অভিযোগ তুলিছে ৷ উল্লেখ্য শাখাটিয়ে প্ৰায় কোটি এটা গ্ৰাহকক আদায় দিবলৈ আছে ৷ শাখাটোৰ পৰিচালক আৰু কৰ্মচাৰীসকলে তাৰিখৰ ওপৰত তাৰিখ দিও গ্ৰাহকৰ প্ৰাপ্য ধন ধূৰাই দিব পৰা নাই ।
Input – দেৱজ্যোতি কাকতি