নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰাগাৰ কর্তৃপক্ষৰ ৰহস্যজনক ভূমিকা; শিৱসাগৰৰ জে’লৰ পৰাই হত্যাৰ ভাবুকি দেহ ব্যৱসায়ীৰ

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ শিৱসাগৰ কেন্দ্রীয় কাৰাগাৰত ধর্ষণৰ গোচৰত বন্দী হৈ থকা এটা কুখ্যাত অপৰাধীয়ে কাৰাগাৰৰ ভিতৰৰ পৰাই এগৰাকী নির্যাতিত মহিলাক মৃত্যুৰ ভাবুকি দিয়াক লৈ সমগ্র শিৱসাগৰ জিলাতেই তুমুল চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কেন্দ্রীয় কাৰাগাৰৰ অভেদ্য নিৰাপত্তাৰ বেষ্টনী ভেদি এটা ধর্ষণৰ গোচৰত অভিযুক্তই নির্যাতিতা মহিলাক ভাবুকি দিয়া সন্দর্ভত শিৱসাগৰ সদৰ আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ৷ ন–আলি শ্রীমন্ত নগৰৰ নিৱাসী মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত ৰফিকুল হাজৰিকা ওৰফে বাবুজান নামৰ হত্যাকাৰী, ধর্ষণকাৰীটোৰ বিৰুদ্ধে ৪৪০/২০২০ নম্বৰৰ পুনৰ এটা গোচৰ ৰুজু কৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ৫০৬/৫০৭ ধাৰাত অনুসন্ধান আৰম্ভ কৰিছে৷ লকডাউন, আতংকৰ মাজতেই অৱশেষত সাহসেৰে শিৱসাগৰ সদৰ আৰক্ষী থানাত কালি এজাহাৰ দাখিল কৰাৰ পিছতেই পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা৷

উল্লেখ্য যে অভিনেত্রী চাবিহা হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা অসমৰ শতাধিক নাৰীৰ সতীত্ব ধ্বংসৰ গোচৰত অভিযুক্ত জিতু এণ্টাৰপ্রাইজৰ স্বত্বাধিকাৰী ৰফিকুল ওৰফে বাবুজান আলী ধর্ষণ, মৃত্যুৰ ভাবুকি, অবৈধ প্রক্রিয়াৰে পিষ্টল লগত ৰখা, ব্লেক মেইলিঙৰ দৰে বহুকেইটা গুৰুতৰ অভিযোগত বিগত ১৮টা দিন ধৰি শিৱসাগৰ কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ আছে৷ চলিত লকডাউনৰ সময়ছোৱাতেই লকডাউন ভংগ কৰি দিবা–নৈশ্য ক্রিকেট খেল পতা, বিধৱা মহিলাক ধর্ষণ কৰি পলাতক হৈ থকা ধনকুবেৰ লম্পট ৰফিকুলক শিৱসাগৰ আৰক্ষীয়ে ৩ এপ্রিলৰ দিনা দেৰগাঁৱৰ পৰা গ্রেপ্তাৰ কৰিছিল৷ তিনি দিন আৰক্ষীৰ জিম্মাত কটাই কাৰাগাৰলৈ যোৱা ৰফিকুলৰ জিম্মাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ৮৫জজাই গুলীসহ দুটাকৈ পিষ্টল৷ তেতিয়াৰে পৰা শিৱসাগৰ কেন্দ্রীয় কাৰাগাৰত ৰাজকীয় আতিথ্যৰ মাজেৰে কাৰাবাস খাটি থকা ৰফিকুলে ১৭ এপ্রিল তাৰিখে কাৰাগাৰৰ ভিতৰৰ পৰাই নির্যাতনৰ বলি হোৱা মহিলাগৰাকীলৈ মৃত্যুৰ ভাবুকিৰে ফোন কৰিছিল৷ এজাহাৰৰ পৰা জানিব পৰা মতে, লম্পট ৰফিকুলে সেই দিনা ৮৬৩৮৭৬২৭২৭ নম্বৰটোৰ পৰা মহিলাগৰাকীলৈ ফোন কৰি হত্যাৰ ভাবুকি দিয়াৰ লগতে গোচৰ উঠাই লোৱাৰ ধমকি দিয়ে৷ লকডাউনৰ পৰিপ্রেক্ষিতত নিজ গৃহতেই একমাত্র ১১ বছৰীয়া সন্তানটিৰ সৈতে অকলশৰীয়াকৈ গৃহবন্দী হৈ থকা স্বামীহাৰা মহিলাগৰাকীয়ে অৱশেষত সাহসেৰে শিৱসাগৰ আৰক্ষী অধীক্ষকক এই সন্দর্ভত অৱগত কৰাৰ লগতে নিৰাপত্তা নিশ্চিত কৰাৰ দাবী তোলে৷

উল্লেখ্য যে বিগত ১০ বছৰত অ’এনজিচিৰ একাংশ শীর্ষ বিষয়াক গ্রাহকৰূপে লৈ নাৰীদেহৰ ব্যৱসায় চলাই কোটি কোটি টকাৰ নিগমৰ ঠিকা হস্তগত কৰিবলৈ সক্ষম হোৱা ৰফিকুলৰ নেতৃত্বতেই অসমৰ পৰা দিল্লী পর্যন্ত নাৰীদেহৰ এক বৃহৎ বেহা গঢ়ি উঠিছিল৷ একমাত্র ধনৰ জোৰতেই ইমানদিনে আইন–আদালতক ভৰিৰে মোহাৰি অহা লম্পট বাবুজানৰ জে’ল গমনক ৰাইজে আদৰণি জনাইছিল যদিও কাৰাগাৰৰ ভিতৰৰ পৰাই পুনৰ নির্যাতিত মহিলাক ভাবুকি দিয়া কার্যক লৈ বহু প্রশ্ণৰ উদ্রেক হৈছে৷ সচেতন মহলে নির্যাতিত মহিলাগৰাকীৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে জে’লৰ ভিতৰৰ পৰাই ভাবুকি দিয়া কার্যৰ সৈতে কাৰাগাৰৰ কোন বিষয়া–কর্মচাৰী জডিত সেই সন্দর্ভত এক উচ্চস্তৰীয় তদন্তৰ দাবী কৰিছে৷

You might also like