শুৱালকুছিৰ বস্ত্ৰশিল্প দেখি অভিভূত হ’ল এআইএমটিৰ পঞ্চাশজনীয়া শিক্ষাৰ্থীৰ দলে
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ঐতিহ্যমণ্ডিত শুৱালকুছিৰ বস্ৰশিল্প দেখি অভিভূত হ’ল ’এচিয়ান ইন্সটিটিউট অৱ মেনেজমেণ্ট টেকনলজি’ চমুকৈ এ আই এম টি’ৰ পঞ্চাশ জনীয়া এটা শিক্ষাৰ্থীৰ দলে ৷ আজি শিক্ষানুস্থানখনৰ অধ্যাপক মানৱ চন্দ্ৰ কলিতাৰ নেত্ত্বত অহা ছাত্ৰ ছাত্ৰী সকলে শুৱালকুছিৰ কবি ক্ষ্ণ জীৱন্ত মুগা সংগ্ৰালয়ত উপস্থিত হৈ মুগাশিল্পৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে ৷ এই সন্দৰ্ভত সংগ্ৰালয়ৰ দ্বায়িত্বত থকা শুৱালকুছিৰ শৈলেন চন্দ্ৰ বৈশ্যই মুগালেটা উৎপন্নৰ পৰা মুগা সুতা উৎপাদনলৈ সকলো কথা শিক্ষাৰ্থী সকলৰ আগত বিৱৰি কয় ৷ লগতে তেওঁ মুগালেটাৰ পৰা কি দৰে সুতা উৎপাদন কৰিব পাৰি আৰু মুগাসুতাৰ পৰা মুুগাৰ কাপোৰ কেনেকৈ উৎপাদন হয় তাক প্ৰত্যক্ষ ভাৱে শিক্ষাৰ্থী সকলক দেখুৱাই ৷ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে মুগাৰ কাপোৰ উৎপাদন হোৱা কাৰ্যদেখি অভিভূত হৈ পৰে আৰু উৎপাদন হৈ থকা কাপোৰ হাতৰে লিৰিকি বিদাৰি চাই উৎসাহিত হৈ পৰে ৷ তেওঁলোকে শুৱালকুছিৰ বস্ৰশিল্প সন্দৰ্ভত এক সাম্যক জ্ঞান লাভ কৰাৰ পিছত শিল্পীটি যি কোনো উপায়ে জীয়াই ৰাখিবলৈ শুৱালকুছিৰ শিপিনী সকলক আহ্বান জনায় ৷ ইয়াত অসমীয়ৰ স্বাভিমান জড়িত আছে বুলি ছাত্ৰ ছাত্ৰী সকলে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কয় যে প্ৰতিগৰাকী অসমীয়া মানুহে পাট মুগাৰ বস্ৰ পৰিধান কৰাটো বৰ্তমান সময়ত নিত্যান্তই আৱশ্যক ৷ অসমৰ অৰ্থনৈতিক দিশতো শুৱালকুছিৰ পাট মুগা বস্ৰশিল্পই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলিও তেওঁলোকে মতামত ব্যক্ত কৰে ৷ ইয়াৰ পিছতে শিক্ষাৰ্থীৰ দলটোৱে কবিক্ষ্ণ টেলিমেডিচচিনৰ উদ্দেশ্য সন্দৰ্ভত জানিবলৈ আগ্ৰহ প্ৰকাশ কৰাত টেলিমেডিচচিনৰ দ্বায়িত্বত থকা ৰূপম দাসে এই সন্দৰ্ভত শিক্ষাৰ্থী সকলৰ আগত বিস্তৃত ভাৱে উল্লেখ কৰি কয় যে শুৱালকুছি আৰু ইয়াৰ পাশ্চৱৰ্তী অঞ্চলৰ কৰ্কট ৰোগত আক্ৰান্ত গৰীৱ শ্ৰেণীৰ লোক সকলক পাৰ্যমানে সহায় সহযোগ আৰু সুবিধা আগবঢ়োৱাটোৱে আমাৰ প্ৰধান উদ্দেশ্য ৷ কৰ্কট ৰোগৰ গৱেষক তথা বিশেষজ্ঞ চিকিৎসক ডা°বিকুল চন্দ্ৰ দাসে সুদুৰ আমেৰিকাৰ পৰা এই সকলো বিষয় চোৱা চিতা কৰি আছে ৷ টেলিমেডিচচিনৰ এনে মহান কাৰ্যক প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে ভূয়সী প্ৰশংসা কৰে ৷ লগতে টেলিমেডিচচিনৰ এনে সেৱাই গৰীৱ লোক সকলৰ মহৎ উপকাৰ সাধন কৰা বুলিও মতামত দাঙি ধৰে ৷ মুগা সংগ্ৰালয়ৰ মুখ্য তদাকৰ শৈলেন চৌধুৰী প্ৰমুখ্যে দ্বায়িত্বত থকা সকলো কৰ্মকৰ্তাই শিক্ষাৰ্থীৰ দলটোক পূৰ্ণ সহযোগিতা আগবঢ়ায় ৷ ইয়াৰ পিছত দলটি গুৱাহাটীলৈ উভতি যায় ৷