নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রমিকক মৰিয়াই মৰিয়াই হত্যা পত্নী–পুত্রৰ

নিয়মীয়া বার্তা, ১১ মেঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ থানাৰ অন্তর্গত বৰাইক বস্তিত  সংঘটিত এক লোমহর্ষক হত্যাকাণ্ডই সমগ্র অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্রাপ্ত তথ্য অনুসৰি  গাঁওখনৰ দীপক মুড়া (৪৯)ৰ ঘৰত এক পাৰিবাৰিক সংঘাতৰ সৃষ্টি হয়৷ এই সংঘাতৰ ফলতে দীপক মুডাক পত্নী ভাৰতী মুড়া আৰু পুত্র ডেমফু মুড়াই লাঠীৰে মৰিয়াই মৰিয়াই গুৰুতৰভাৱে আহত কৰে৷ পাছত লোকজনক তেজেৰে লুতুৰি–পুতুৰি অৱস্থাত স্থানীয় ৰাইজে সোণাৰিৰ ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে লোকজনক ডিব্রুগডস্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰে৷ লোকজন কিছু সুস্থ হৈ উঠাৰ বাবে চিকিৎসকে ঘৰলৈ যাবলৈ অনুমতি দিয়াত ঘৰলৈ আহে৷ কিন্তু ঘৰ আহি পোৱাৰ আধা ঘণ্টাৰ পাছতে তেওঁৰ মৃত্যু হয়৷ স্থানীয় আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে।

You might also like