শ্রীশ্রীকৃষ্ণৰ ৰাসোৎসৱলৈ মাথো দুদিন বাকীঃ উখল-মাখল মাজুলীৰ পদুলী
নিয়মীয়া বাৰ্তা ,১৫ নবেম্বৰ : শৰতৰ স্নিগ্ধ পূৰ্নিমাৰ নিশা ভগৱান শ্রীকৃষ্ণই যমুনাৰ পাৰত ষোল্লশ গোপীক লগতলৈ ভুৱনভুলোৱা মুৰুলিৰ সুৰ, গীত-মাত নৃত্যৰে বৃন্দাবনত কেলি কৰা কাহিনীয়েই ৰাসলীলা । একেখনেই নাটক, এটাই কাহীনি কিন্তু প্ৰতিবছৰে শৰতৰ পূৰ্নিমাৰ এই দিনটো মাজুলীবাসীয়ে বিশেষভাবে ৰাস মহোৎসৱ হিচাপে উদযাপন কৰি অহাৰ লগতে দেশ- বিদেশৰ পৰ্যটকক আকৰ্ষিত কৰি আহিছে । পৃথিবী কপাই থকা কভিড মহামাৰীৰ এচঅপি ৰক্ষা কৰি মাজুলীবাসীয়ে ১৮ নবেম্বৰৰ পৰা ২১ নবেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ উদযাপনৰ বাবে সাজু হৈছে । ইতিমধ্যে মাজুলীৰ প্ৰায় অৰ্ধশতাধিক সত্ৰ আৰু ৰংগমঞ্চই ৰাসলীলা উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে । সত্ৰানুষ্ঠানৰ নামঘৰ আৰু ৰংগমঞ্চসমুহ ৰং বৰন সানি চালে চকুৰোৱা কৰি তুলিছে । অনুষ্ঠানসমুহে বাটপথ সমুহত আদৰনি তোৰন সাজি অতিথি আদৰাৰ ব্যৱস্থা কৰিছে । মাজুলীত ৰাসোৎসবৰ বাটকটীয়া শ্রীশ্রীদক্ষিনপাট সত্ৰত ১৭ নবেম্বৰৰ সন্ধ্যা অধিবাসেৰে ৰাসলীলা আৰম্ভ হব । একেদৰে ডেৰশ বছৰ অতিক্ৰম কৰা মূখাশিল্পৰ বাবে জগত বিখ্যাত শ্রীশ্রীচামগুৰি সত্ৰত ১৯ নবেম্বৰৰ পূৱাৰ পৰা মাংগলিক নাম কীৰ্ত্তনেৰে ৰাসলীলা আৰম্ভ হব ।
ইতিমধ্যে সত্ৰখনৰ মূখাশিল্পীসকলে নিজ সত্ৰৰ লগতে মাজুলী আৰু অন্য জিলাৰ সত্ৰ আৰু অনুষ্ঠান সমুহৰ ৰাসৰ মূখা নিৰ্মানত দিন ৰাতি একাকাৰ কৰা দেখা গৈছে । সত্ৰখনৰ সংগীত-নাটক অকাডেমী বঁটা প্ৰাপ্ত বিশিষ্ট মূখাশিল্পী ড০ হেমচন্দ্ৰ গোস্বামীয়ে অঘাসুৰ, বকাসুৰ, ধনুকাসুৰ, কালিনাগ, পুটনা, বটচাসুৰ, শংখচুড় আদি মূখাসমুহত লেখনিৰ অন্তিম পৰশ দিয়া দেখা গৈছে । কভিডসৃষ্ট পৰিস্থিতিৰ বাবে এইবাৰ শিল্পীগৰাকীয়ে মাত্ৰ কেইটামান অনুষ্ঠানৰহে মূখা নিৰ্মানৰ দায়িত্ব গ্ৰহন কৰি ইতিমধ্যে সাজি উলিয়াইছে । ইয়াৰোপৰি শিল্পীগৰাকীয়ে নিজ সত্ৰৰ বাবে কেইবাটাও কাৰু কাৰ্য খচিত মূখা নিৰ্মান কৰি উলিয়াইছে । চামগুৰি সত্ৰৰ ৰাসোৎসৱৰ মূল আকৰ্ষন হল ড০ হেমচন্দ্ৰ গোস্বামীৰ হাতেৰে নিৰ্মিত মূখাৰ অভিনয় আৰু নামঘৰৰ চৌপাশে বহা বৃহৎ বজাৰ । অৱশ্যে এইবাৰ কভিড এচ অ পি মানি সত্ৰখনত নিৰ্ধাৰিত সংখ্যক বজাৰৰহে অনুমতি দিব বুলি জানিব পৰা গৈছে । সত্ৰখনৰ ৰাসলীলাত মূখা অভিনয় দৰ্শনৰ বাবে দেশ বিদেশৰ ভক্ত দৰ্শকৰ সমাগম হয় । চলিত বৰ্ষতো শিল্পীগৰাকীয়ে নিৰ্মান কৰা মূখাৰ অভিনয় দৰ্শনৰ বাবে দেশ বিদেশৰ দৰ্শকৰ সমাগম হব বুলি সত্ৰবাসী আশাবাদী । একেদৰে বিহিমপুৰ, ভোগপুৰ, উত্তৰ কমলাবাৰী , নতুন কমলাবাৰী সত্ৰটো ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি চলিছে । উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসলীলাত যমুনাত কৃষ্ণ-ৰাধাৰ নৌকা যাত্ৰা, গোপীৰ জলকেলি, মৌৰা আৰু হৰিনৰ বিচৰন দেখি অভিভূত হৈ পৰে দৰ্শক সকল । আগন্তুক ৰাসতো সত্ৰখনত দৰ্শকক আমোদ দিব পৰাকৈ বিভিন্ন দৃশ্য সজাইছে বুলি উদ্যোক্তাসকলৰ পৰা জানিব পৰা গৈছে । ইয়াৰোপৰি জিলাখনৰ ৰংগমঞ্চসমুহত ৰাসলীলাৰ দৰ্শকক আকৰ্ষনৰ বাবে চলিছে অঘোষিত প্ৰতিযোগিতা । প্ৰতিখন ৰংগমঞ্চই অভিনয়, দৃশ্যসৰ্জা, মূখা অভিনয়েৰে দৰ্শকক চমক দিবলৈ প্ৰস্তুতি চলাইছে । বহুতো মঞ্চই চিনেমা, ধাৰাবাহিকৰ প্ৰতিস্থিত অভিনেতা অভিনেত্ৰীক কংস, দৈবকী , যশোদা আৰু ৰাধাৰ অভিনয়ৰ বাবে নিমন্ত্ৰন জনাইছে । কেইবাটাও ৰংগমঞ্চই অনলাইন দৰ্শনী পত্ৰৰ ব্যৱস্থা কৰাৰ লগতে অন্য কেইটামানে অগ্ৰীম দৰ্শনী পত্ৰ এসপ্তাহ আগৰে পৰা বিক্ৰী কৰিছে । মুঠতে ৰাসোৎসৱৰ প্ৰস্তুতিত এতিয়া সত্ৰভূমি মাজুলীত উখল-মাখল পৰিবেশে বিৰাজ কৰিছে ।