নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটৰ সময়ত হাগ্ৰামাৰ ৰাজনীতি দুৰ্ভাগ্যজনকঃ প্ৰমোদ বড়ো

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছ ৰোধৰ ক্ষেত্ৰত আৰু অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য, কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে ইউপিপিএলৰ সভাপতি তথা এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৱে ।

নিজ গৃহতে এক সংবাদমেলত সম্বোধন কৰি বড়োৱে কয় যে অসমত প্ৰথমোজন ৰোগী আক্ৰান্ত হোৱাৰ খবৰৰ পাছতে সকলোৱে অধিক সজাগ হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে । তেওঁ লগতে কয় যে বহিঃৰাজ্যৰ পৰা কিছুমান লোকে প্ৰশাসনক সহযোগ কৰা নাই । এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য লুকুৱাই নাৰাখিবলৈ তেওঁ আহ্বান জনায় ।

আনফালে ইউপিপিএলৰ সভাপতি গৰাকীৰ দুঠাইত ভোটাৰ তালিকাত নাম থকা বুলি বিটিচি প্ৰমুখ হাগ্ৰামা মহিলাৰীয়ে কৰা অভিযোগৰ প্ৰত্যুতৰ দি তেওঁ কয় যে মই পূৰ্বৰ পৰা তামুলপুৰত ভোট দি আহিছো । ৰঙিয়াত পৰিয়াল থকা বাবে ভুলবশতঃ হয়তো বিএলঅ’ৱে তেওঁৰ নামটো তালিকাত সন্নিৱিষ্ট কৰিছে বুলি স্পষ্ট কৰি দিয়ে । ইতিমধ্যে ৰঙিয়াত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবে নিৰ্বাচনী বিষয়াৰ ওচৰত বহু আগতে আবেদন জনোৱা হৈছে । লগতে এনে এক জটিল সময়ত বিটিচি ৰাইজৰ চিন্তা বাদ দি এনে এটা বিষয়ক লৈ হাগ্ৰামাই ৰাজনীতি কৰাটোক দুৰ্ভাগ্যজনক আখ্যা দিয়ে ।

You might also like