সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁৱত বিষ্ণুৰাভা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি
আজি মৰিগাঁওবাসী ৰাইজৰ উপস্থিতিত লাইখুঁটা স্থাপন
নিয়মীয়া বাৰ্তা, ২৯ মে’: সদৌ অসম ছাত্ৰ সন্থাৰ ২০২২ বৰ্ষৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱসটি সদৌ মৰিগাঁও জিলা ছাত্র সন্থাৰ উদ্যোগত, মৰিগাঁও সদৰ ছাত্র সন্থা আৰু ৰাইজৰ সহযোগত মৰিগাঁও নগৰত অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। । অহা ১৯ আৰু ২০ জুনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও উচ্চতৰ মাধ্যমিক ও বহুমুখী বিদ্যালয় খেলপথাৰত বিষ্ণুৰাভা দিৱসটিৰ আয়োজন কৰা হৈছে। আজিৰে পৰা মূল মণ্ডপৰ কাম আৰম্ভ কৰাৰ লক্ষৰে অনুষ্ঠানটিৰ লাইখুঁটা স্থাপন কৰা হয়। মঙ্গল ধ্বনিৰ মাজত লাইখোতা স্থাপন কৰে তিৱা ৰাজ দৰবাৰৰ সভাপতি জুৰ সিং বৰদলৈয়ে। অভ্যৰ্থনা সমিতিৰ সভাপতি পোনাৰাম নাথ আৰু সাধাৰণ সম্পাদক উৎপল শৰ্মাই এক বিজ্ঞপ্তিযোগে সদৰী কৰে যে- আজি প্ৰায় দুই শতাধিক লোকৰ অংশগ্ৰহণৰে লাইখুঁটা স্থাপন কৰা হয়। লাইখুঁটাটি স্থাপন কৰে ঐতিহাসিক তিৱা ৰাজ দৰবাৰৰ সভাপতি জোৰসিং বৰদলৈয়ে। লাইখুঁটা স্থাপন কৰি জোৰসিং বৰদলৈয়ে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সন্দৰ্ভত বক্তব্য আগবঢ়ায়। গায়ন-বায়নৰ পৰিৱেশন আৰু আয়তীৰ মংগলধ্বনিৰ মাজত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত কাৰ্যসূচীটি সম্পন্ন কৰা হয়। লাইখুঁটা স্থাপনৰ কাৰ্যসূচীত অভ্যৰ্থনা সমিতিৰ , যুটীয়া সম্পাদক দিপুল কুমাৰ নাথ-ৰূপজ্যোতি মেধী প্ৰমুখ্যে বিভিন্ন দল-সংগঠন আৰু ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়-ববীয়া, কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে।