নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুন্দৰী, সুৰা আৰু জুৱাক লৈ ওডালগুৰিৰ পাউৰীপোতাত মহোৎসৱ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰ: ওডালগুৰি জিলাৰ পাউৰীপোতাত সপ্তাহজোৰা সুন্দৰীৰ নৃত্য, অবৈধ সুৰাৰ বেহা আৰু জুৱা মহোৎসৱ আয়োজন কৰি ৰাজ্য চৰকাৰৰ শেহতীয়া স্হিতিক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শনৰ তথ্য পোহৰলৈ আহিছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মাত্ৰ ৫ কিমি নিলগত আয়োজিত এই মহোৎসৱে এক প্ৰকাৰে সমগ্ৰ এলেকাক বাংলাদেশৰ সংস্কৃতিৰ আভাষ দিয়াৰ লগতে আৰক্ষী, প্ৰশাসনৰ ব্যৰ্থতা ডাঙি ধৰিছে।

লক্ষনীয় যে, পাউৰীপোতা এলেকাৰ আশী শতাংশ লোকেই বাংলাভাষী সংখ্যালঘু সম্প্ৰদায়ৰ হোৱা হেতুকে যাত্ৰাপাৰ্টী নামৰ এক বিশেষ উৎসৱৰ আয়োজন কৰিছিল। পাউৰীপোতা তিনিআলিৰ সমীপৰ পথাৰতে এই যাত্ৰাপাৰ্টী প্ৰদৰ্শনৰ দিহা কৰা হৈছিল। প্ৰায় ১৫ বিঘা এলেকাৰ পথাৰত ভাগে ভাগে ৰভা তৰি যাত্ৰাপাৰ্টীৰ নামত সুন্দৰীৰ নৃত্য, প্ৰায় ১৫ খন ঝাণ্ডী-মুণ্ডী জুৱা আৰু পথাৰৰ একেবাৰে মূৰৰ পিনে লাল আৰু গেলাৰ বিপনি খুলি দিয়ে।

ডিচেম্বৰৰ ১ তাৰিখৰ নিশাৰ পৰা আৰম্ভ হোৱা এই মেলা প্ৰায় ৪ দিন সুকলমে পাৰ হয় আৰু সম্প্ৰদায়টোৰ মুখপাত্ৰ স্বৰূপ ছাত্ৰ সংগঠন, তথাকথিত সংগঠন সহ সমাজসেৱী আনকি সমাজৰ দুৰন্ত প্ৰহৰীৰূপী কোনো মাধ্যমতে বিষয়টো কোনোৱে বিৰোধিতা অথবা প্ৰকাশ নকৰিলে। যাত্ৰাপাৰ্টী অনুস্হিত পথাৰৰ সমীপতে চৰকাৰী প্ৰাথমিক বিদ্যালয় সহ সংঘ, ধৰ্মীয় অনুষ্ঠান আছিল যদিও যাত্ৰা পাৰ্টীৰ বেনাৰ আৰি অবৈধ কাম কৰিলেও কোনোলোক ওলাই নাহিল।

অভিযোগ অনুসৰি ভাগে ভাগে ধন দি সমগ্ৰ কূ-কীৰ্তি ঢাকোন দিয়াৰ বাবে সকলো বিকল হৈ পৰে। পিছে, ৰাজ্য চৰকাৰে ড্ৰাগচ, জুৱা, অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই অহাৰ পাছত ওডালগুৰি জিলাত কিদৰে এই নিৰ্লজ্জ মহোৎসৱ সম্পাদিত হ’ল তাকলৈ ৪ৰ্থ দিনা দৰঙৰ এগৰাকী সাংবাদিকে আৰক্ষীৰ উৰ্ধতন কৰ্ত়পক্ষক বাৰ্তা প্ৰেৰণ কৰে। লগে লগে ৫ ডিচেম্বৰৰ নিশা আৰক্ষীৰ এটা দল মহোৎসৱস্হলীত উপস্হিত হৈ ৰাইজক দেখুৱাই শূণ্যত বা ৰভাৰ টিনতহে লাঠীচালনা কৰে। এই প্ৰতিবেদকৰ হাতত উপলব্ধ ভিডিঅগ্ৰাফত স্পষ্ট হৈ পৰিছে, কিদৰে গধূলি গো-ধন চৰোৱাৰ লেখীয়াকৈ সুন্দৰীৰ নৃত্যস্হলীত থকা ৰভাৰ টিনত কোবাই সমৱেত লোকক আতৰাই পঠিওৱা হৈছে। দুৰ্ভাগ্যৰ বিষয় যে, আৰক্ষীৰ লাঠী কিন্তু জুৱাৰ ওচৰেই চাপিব নোৱাৰিলে, ইমানেই শক্তিশালী বিকৰ্ষণ। স্বাভাৱিকতে প্ৰশ্ন হয় ওডালগুৰি আৰক্ষী সুন্দৰীৰ নৃত্য, সুৰাৰ বেহা আৰু জুৱাৰ প্ৰতি ইমান সহানুভূতি কিয় ?

You might also like