নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত গৰুৰ হাড়েৰে প্ৰস্তুত কৰা কুকুৰৰ খাদ্যৰ পেকেটত দিল্লীৱালাৰ বিৰিয়ানি পৰিৱেশন; তীব্ৰ প্ৰতিক্ৰিয়া, এজাহাৰ দাখিল

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ সোণাৰি নগৰৰ চাৰি নং ৱাৰ্ডৰ এক ব্যৱসায়িক কমপ্লেক্সত দিল্লীৰ পৰা অহা দুজনমান যুৱকে নতুনকৈ হোটেল খুলি আৰম্ভ কৰা বিৰিয়ানি খুওৱাৰ নামত গ্ৰাহকক গৰুৰ হাড়েৰে প্ৰস্তুত কৰা কুকুৰৰ খাদ্যৰ পেকেটত বিৰিয়ানি পেকিং কৰি পৰিৱেশন কৰা কার্যত সোণাৰিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জানিব পৰা মতে প্ৰায় এটা পষেক পূৰ্বে দিল্লীৰ পৰা অহা দুজনমান যুৱকে সোণাৰিত হায়ডৰাবাদী বিৰিয়ানি আৰু দিল্লী বিৰিয়ানি বনাই গ্ৰাহকক আকৰ্ষিত কৰাৰ অৰ্থে ডাঙৰ ডাঙৰ পাত্ৰত বিৰিয়ানি প্ৰস্তুত কৰি বিক্ৰী কৰা আৰম্ভ কৰে ।

পাছত গ্ৰাহকৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰাল ভাৱে একাংশ গ্ৰাহকে বিৰিয়ানি পেকিং কৰি ঘৰলৈ নিয়া আৰম্ভ কৰে। কিন্তু যোৱা দুদিনৰ পৰা যুৱক কেইজনে বিৰিয়ানিসমূহ গ্ৰাহকক গৰুৰ হাড়েৰে প্ৰস্তুত কৰা কুকুৰৰ খাদ্যৰ পেকেটত পেকিং কৰি দিয়া কাৰ্যই গ্ৰাহকৰ চকু কপালত তোলে । কালি বিয়লি একাংশ গ্ৰাহকে এই বিষয়ত আপত্তি কৰাত যুৱক কেইজনে কথাটোত গুৰুত্ব আৰোপ নকৰাত গ্ৰাহকসকলে সোণাৰিৰ কেইগৰাকীমান সংবাদকৰ্মীক বিষয়টো অৱগত কৰে ।

ঘটনাস্থলীত সংবাদ কর্মীৰ দলটো উপস্থিত হোৱাত প্ৰথমে যুৱক কেইজনে নিজৰ দোষ স্বীকাৰ নকৰে যদিও পৰৱৰ্তী সময়ত গৰুৰ হাড়েৰে প্ৰস্তুত কৰা কুকুৰৰ খাদ্যৰ শ শ পেকেট প্ৰতিষ্ঠানটোৰ পৰা সাংবাদিক আৰু একাংশ গ্ৰাহকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পাছত ব্যৱসায়ী চক্ৰটোৱে সকলোকে ক্ষমা-প্ৰাৰ্থনা বিছাৰি পেকেটসমূহ বেজেয়াপ্ত কৰে । ইফালে কালি নিশাই এই ঘটনা সন্দৰ্ভত হিন্দু জাগৰণ মঞ্চ , চৰাইদেউ জিলা সমিতিয়ে সোণাৰি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে ।উক্ত এজাহাৰৰ ভিত্তিত আজি পুৱা ব্যৱসায়ী চক্ৰটোৰ সৈতে জড়িত দুই যুৱকক সোণাৰি আৰক্ষীয়ে আটক কৰে । ঘটনাটোৱে স্থানীয় জনতাৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

You might also like