নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত ধুমুহা-বৰষুণত বিস্তৰ ক্ষতি; উভালি পৰিল প্ৰকাণ্ড গছ, বিদ্যুৎ যোগান ব্যাহত  

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰ তথা ইয়াৰ উপকন্ঠ অঞ্চলত যোৱা নিশা পাৰ হৈ যোৱা এজাক প্ৰচণ্ড ধুমুহা-বৰষুণে সমগ্ৰ জিলাখনৰ বিভিন্ন অঞ্চলত ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰে । যোৱা নিশা প্ৰায় ৮ বজাত অহা এই ধুমুহা-বৰষুণত জিলাখনৰ সদৰ সোণাৰি নগৰৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলৰ বহু লোকৰ বাসগৃহ, ভৰাল ঘৰ, গোহালি, দোকান ঘৰ ভাঙি পেলোৱাৰ লগতে বহু লোকৰ ঘৰৰ টিনপাত উৰুৱাই লৈ যায় । ধুমুহাৰ ফলত সমগ্ৰ অঞ্চলটোৰ বহু প্ৰকাণ্ড-প্ৰকাণ্ড গছ উভালি পৰাৰ লগতে বহু লোকৰ বাৰীৰ মূল্যবান গছ-গছনি ভাঙি তচনচ কৰি পেলায় । তদুপৰি কেইবাখনো বাহনৰো ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে ।ঘণ্টাত প্ৰায় ৮০-৯০ কিলোমিটাৰ বেগত বলা ধুমুহা জাকত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন ঠাইত বিদ্যুৎ পৰিবাহী তাঁৰ আৰু খুঁটাৰ ওপৰত প্ৰকাণ্ড প্ৰকাণ্ড গছ ভাগি পৰাত বিদ্যুতৰ তাঁৰ আৰু খুঁটা ভাগি পৰাত বৃহত্তৰ অঞ্চলটোৰ কিছু কিছু অঞ্চলত এতিয়ালৈকে বিদ্যুৎ যোগান সম্পূৰ্ণ ৰূপে ব্যাহত হৈ আছে । ইফালে ধুমুহা বিধ্বস্ত অঞ্চল সমূহত ৱাৰ্ড কমিছনাৰ, পঞ্চায়ত প্ৰতিনিধি, স্থানীয় গাঁওবুঢ়া সকলে ক্ষয়ক্ষতিৰ বুজ লৈছে যদিও বৰ্তমানলৈকে কোনো চৰকাৰী বিষয়া নাইবা জনপ্ৰতিনিধিয়ে ক্ষতিগ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰা নাই বুলি ধুমুহা বিধ্বস্ত অঞ্চলৰ ৰাইজে অভিযোগ কৰিছে । অঞ্চলটোৰ ধুমুহা বিধ্বস্ত ৰাইজক শীঘ্ৰে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ ক্ষতিগ্ৰস্ত ৰাইজে চৰকাৰক দাবী জনাইছে ।

You might also like