নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত পাঁচ বছৰীয়া সন্তানসহ মাতৃ নিৰুদ্দেশ

নিয়মীয়াবাৰ্তা,৯ মে’: সোণাৰি নগৰৰ গুৱালাপথাৰৰ এগৰাকী মহিলা নিজৰ পাঁচ বছৰীয়া সন্তান যোৱা ১৯ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্র অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।ঘটনাৰ বিৱৰণী মতে অঞ্চলটোৰ নিবাসী বিপিন বৰুৱাৰ পত্নী মনীষা বৰুৱা আৰু তেওঁৰ পাঁচ বছৰীয়া কন্যা সন্তান সৃষ্টিকা বৰুৱা উক্ত দিনা দিনৰ প্ৰায় বাৰ বজাত সোণাৰি নগৰৰ গাহৰি বজাৰত থকা নিজ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা নিৰুদ্দেশ হয় । স্বামী বৰুৱাই বহু ঠাইত খবৰ খাটি কৰিও পত্নী আৰু সন্তানৰ কোনো সন্ধান উলিয়াব নোৱাৰি অৱশেষত আজি এই সংক্ৰান্তত সোণাৰি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে । কোনো লোকে মহিলা আৰু সন্তানটোৰ সন্ধান পালে মোবাইল নম্বৰ-৯৯৫৭৯৭১৭০৩ অথবা ৯৪৩৫৬৩৯৮৯৬ ত যোগাযোগ কৰিবলৈ অসহায় স্বামী বৰুৱাই আহ্বান জনাইছে ।

প্ৰেৰক:-দীপাংকৰ পাল

You might also like