নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বৰ্গীয় নৰেন চন্দ্ৰ দাসৰ বাসগৃহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ শোণিতপুৰৰ বালিপৰাৰ উদমাৰীগাঁওস্থিত তিব্বতীয় চতুৰ্দশ ধৰ্মগুৰু দালাই লামাক সুৰক্ষা দি ভাৰতলৈ অহা অসম ৰাইফলছৰ প্ৰাক্তন সেনা জোৱান, সুদক্ষ খেলুৱৈ সদ্যপ্ৰয়াত নৰেন চন্দ্ৰ দাসৰ বাসগৃহত আজি উপস্থিত হৈ দাসৰ পৰিয়ালবৰ্গৰ সৈতে মত-বিনিময় কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ৰঙাপৰাত উৰণীয়া সেঁতু আৰু পৰিদৰ্শন বঙলাৰ শুভ উদ্বোধন কৰি আহি দিনৰ ১২:৩০ বজাত মুখ্যমন্ত্ৰীগৰাকী দাসৰ বাসগৃহত উপস্থিত হয় । লগতে প্ৰয়াত দাসৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় । একেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে উদমাৰীগাঁৱৰ ৰাজহুৱা নামঘৰতো প্ৰৱেশ কৰি ভগৱন্তৰ ওচৰত আঁঠু লয় । সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়- “বালিপাৰাৰ উদমাৰী গাঁৱত আজি স্বৰ্গীয় নৰেন চন্দ্ৰ দাসৰ বাসগৃহ পৰিদৰ্শন কৰি অৱসৰপ্ৰাপ্ত অসম ৰাইফলছৰ সাহসী জোৱানগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। ১৯৫৯ চনত ভাৰত-চীন সংঘৰ্ষৰ অস্থিৰ সময়ত তেখেতে শ্ৰদ্ধাৰ দালাই লামাক ভাৰতলৈ সুৰক্ষিতভাৱে আগবঢ়াই আনি এক দৃষ্টান্তমূলক সেৱা আগবঢ়াইছিল। ৰাষ্ট্ৰৰ প্ৰতি তেখেতে আগবঢ়োৱা সেৱা স্মৰণীয় হৈ ৰ’ব।”

You might also like