নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ জোনাইৰ বানাক্ৰান্তৰ

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে ধেমাজি জিলাৰ জোনাই মহকুমাত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্ৰলয়ংকাৰী বানে । বছৰটোৰ দ্বিতীয়টো বানপানীয়ে চিয়াং লালী আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীয়ে প্লাৱিত কৰি তুলিছে জোনাই মহকুমাৰ প্ৰায় তিনিশতাধিক শতাধিক গাঁও । উল্লেখযোগ্য যে পূৰ্বতকৈ অধিক জটিল ৰূপ ধাৰণ কৰিছে জোনাইৰ বান পৰিস্থিতি। উপচি পৰিছে জোনাইৰ সকলোবোৰ নৈ উপনৈৰ পানী ।

কেউপিনে পানী আৰু পানী ।সৃষ্টি হৈছে সাগৰ সদৃশ পৰিস্থিতিৰ । লালী- চিয়াং, চিমেন, চিলে, ডেপী, দিখাৰী আৰু জোনাই নদীৰ প্ৰলয়ংকাৰী বানত জোনাই ৰাজহ চক্ৰৰ বাহিৰ জোনাই, চিলে, লাইমেকুৰী, চমকং, লোহিজান, গালী চিকাৰী , ৰামধন আৰু মিছামৰা গাৱ পঞ্চায়তত অন্তৰ্গত দুই শতাধিক গাঁৱৰ হেজাৰ হেজাৰ হেক্টৰ কৃষিভূমি, প্ৰায় ৮২৭১৮ হেজাৰ লোকৰ শ শ পশুধন সকলো প্ৰলয়ংকাৰী বানৰ কৱলত৷ বিগত ২০০০ চনৰ পৰা জোনাই নৈপৰীয়া ৰাইজে বানৰ কৱলত পৰি থকাৰ পিচতো চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ ৰাইজৰ ৷ সেইয়ে বানাক্ৰান্ত জোনাই ৰাইজে আগন্তক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ জোনাইৰ বানাক্ৰান্তৰ বানৰ কবলত পৰি খাদ্য আৰু খোৱা পানীৰ বাবে বানাক্ৰান্তই হাহাকাৰ কৰি থকিব লগা হৈছে৷ প্ৰশাসনে আশ্ৰয় শিবিৰত নগলে বান সাহাৰ্য দিয়া নহব বুলি কোৱাত বানাক্ৰান্ত ৰাইজে ক্ষোভিত হৈ পৰে।

কৰ’ণাৰ এই জটিল সময়ৰ মাজত হাজাৰ বানাক্ৰান্ত লোকক বান শিবিৰলৈ যোৱাটো যুক্তি সংগত নহয় বুলি দাবী কৰি সকলো পৰিয়ালক ঘৰে-ঘৰে সাহাৰ্য সামগ্ৰী বিতৰণ কৰাৰ দাবী উত্থাপন কৰে বানাক্ৰান্ত ৰাইজে । বৰ্নাত্যৰ অভিযোগ বিগত এমাহ ধৰি চিয়াঙ লালীৰ বানত ৰাইজে নিজা ঘৰ বাৰে এৰি মথাউৰি ওপৰত আশ্ৰয় লৈছে যদিও আজি পৰ্যন্ত প্ৰশাসনৰ তৰপৰ পৰা কিছুমান গাঁৱত মাত্ৰ তিনিবাৰ কিছুমান গাঁৱত চাৰিবাৰ বান সাৰ্হায্য দিয়াত বানাক্ৰান্ত ৰাইজে ক্ষোভ উজাৰিছে৷ ভোকে পিয়াহে মথাউৰিৰ ওপৰত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজক মহকুমা প্ৰশাসনে কিয় পৰ্যাপ্ত খাদ্য সামগ্ৰীৰ যোগান দিব পৰা নাই বুলি প্ৰশ্ন কৰিছে বানপীড়িত ৰাইজে৷ খোৱাপানী লাভ নকৰাৰও অভিযোগ ৰাইজৰ ৷

নিৰ্বাচন আহিলে ভোটা কাৰণে ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দি যায় কিন্তু আজি এমাহে স্থানীয় বিধায়ক, সাংসদ, জনপ্ৰতিনি কিম্বা প্ৰশাসন উপস্থিত হৈ মাত এষাৰ দিবলৈও সময়ত নাই বুলি বানাক্ৰান্ত ৰাইজে অভিযোগ কৰিছে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল জোনাইত বানপানীৰ বুজ লবলৈ আহি আধা বাটৰ পৰা উভতি যায়৷ মুখ্যমন্ত্ৰীক আমি ভোট দি ৰজা পাতিছিলো কিন্ত আজি মুখ্য মন্ত্ৰী সৰ্বানন্দই পানীৰ আৰু বোকাপানীৰ ভয়ত আজি মঠাউৰিত আশ্ৰয় লোৱা বানাক্ৰান্ত ৰাইজক মাত এষাৰি দিবলৈ সময় নহল এবাৰ যদি বৰ্নাত্যক চাই যোৱা হলে শান্তি পালো হয় বুলি ক্ষোভ প্ৰকাশ কৰে বানাক্ৰান্তলৈ ৷ এইবাৰৰ বানপানীৰ অৱস্থা ১৯৯৮ চনত হোৱা চাইনা পানী খ্যাত বানপানীতকৈ কোনোগুণে কম নহয় বুলি উল্লেখ কৰিছে জোনাইৰ বানাক্ৰান্তই । যাৰ ফলত জোনাই মহকুমা ৮ খন পঞ্চায়তৰ অধিকাংশ গাঁও বানত বেয়াকৈ প্লাৱিত হৈ পৰিছে ৷ যমৰ যাতনাত উজাগৰী নিশা কটাইছে জোনাইৰ শ শ বৰ্নাত্যই,অনাহাৰে মঠাউৰি ওপৰত আশ্ৰয় লৈছে সহস্ৰাধিক পশু ধন সৈতে৷ এইবাৰৰ বান পৰিস্থিতি আৰু অধিক জটিল ৰূপ ধাৰণ কৰাৰ ফলত বানাক্ৰান্ত ৰাইজৰ মাজত অবৰ্ণনীয় সমস্যাৰ সৃষ্টি হৈছে৷ উল্লেখযোগ্য যে মঠাউৰিত শিবিৰ পাতি বসবাস কৰি থকা বৰ্নাত্যৰ কাৰনে চাউল, দাইল, নিমখ, মিঠাতেল, জুইশলা, আঠোৱা, মমবাতি, জুইশলা, বিস্কুট, খোৱাপানী তিৰপাল আদি প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা বুলি মহকুমা প্ৰশাসনে জানিব দিয়ে৷ যদিও বানাক্ৰান্তই জানিব দিয়া মতে মাত্ৰ চাউল জনেপ্ৰতি ডেৰকেজি , দাইল আধাকেজি আৰু নিমখ আধাকেজি কৈ মাহত তিনিবাৰ পোৱা বুলি কয়৷

আনহাতে,জোনাই সমষ্টিৰ এই বিস্তীৰ্ণ অঞ্চলৰ গৰাখহনীয়া, বিজ্ঞান সন্মত মঠাউৰি নিৰ্মাণ কৰি সমস্যাৰ সমাধান কৰা নহ’লে আগন্তক নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভুক্তভোগী ৰাইজে ৷

You might also like