ৰঙিয়াত ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালৰ বুজ ললে ভৱেশ কলিতাই
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ: কালি প্রচণ্ড ধুমুহাত ৰঙিয়াৰ বিভিন্ন ঠাইত বহু পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন হৈছে । কেবাটাও গৃহৰ টিনপাত উৰুৱাই নিয়াত যথেষ্ট সমস্যাৰ সৃষ্টি হয় । আজি স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় , বৈদ্যগড় গাঁও পঞ্চায়ত, বিছেন্নালা গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লয় । ধুমুহাত ক্ষতিগ্ৰস্ত দৰিদ্ৰ পৰিয়ালক ব্যক্তিগতভাৱে বিধায়ক গৰাকীয়ে কিছু পৰিমাণে আৰ্থিক সাহাৰ্য আগবঢ়ায় । লগতে ধুমুহাত বিনষ্ট হোৱা ৰঙিয়া পৌৰসভাৰ নৱ নিৰ্বাচিত পাৰিষদ মিতালী ডেকাৰ ঘৰত উপস্থিত হৈ খা-খবৰ লয় । আনহাতে বৈদ্যগড় গাঁও পঞ্চায়ত আৰু বিছেন্নালা গাঁও পঞ্চায়তত ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত বিভিন্ন উন্নয়নমূলক কাম-কাজসমূহ স্থানীয় পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় ৰাইজৰ সৈতে পৰিদৰ্শন কৰে ।
প্ৰেৰকঃ ফাৰুক হুছেইন , ৰঙিয়া ।