নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ‘ফিট ইণ্ডিয়া’ ৰেলী

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ নিৰ্দেশত কামৰূপ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত ৰঙিয়াত শনিবাৰে অনুষ্ঠিত কয় ‘ফিট ইণ্ডিয়া – এডিচন থ্ৰী’ । এই উপলক্ষে ৰঙিয়াত বিশাল ৰেলী উলিওৱা হয় ‌। এই কাৰ্যসূচীত বিভিন্ন বিদ্যালয় , ক্লাব-সংঘ আদিৰ প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত-বীৰদত্ত ভৱনৰ সন্মুখত ৰেলীৰ ফ্লেগ অ’ফ কৰে কামৰূপ জিলাৰ জিলা উন্নয়ন আয়ুক্ত নৰসিংহ বে’য়ে । এই কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়াৰ মহকুমাধিপতি সুৰেশ ৰাহুল জাবিৰ আৰু অগ্ৰণী বেঙ্ক প্ৰৱন্ধক ধৰ্মেন্দ্ৰ সিং । ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰী আৰু ক্ৰীড়া অনুৰাগীয়ে অংশগ্ৰহণ কৰা ৰেলীটো ৰঙিয়া নগৰৰ মাজমজিয়াৰে পদ যাত্ৰা কৰে ।

ফাৰুক হুছেইন , ৰঙিয়া ।

You might also like