ৰহাত দুটাকৈ পথ দুৰ্ঘটনাত নিহত চাৰি; আহত চাৰি
- বগৰীগুৰিত ৰৈ থকা ট্ৰাকত পিছফালৰ পৰা খুণ্ডা অন্য এখন ট্ৰাকে ।
- খাইগড়ত পথৰ পৰা খাৱৈত পৰি তিনিলুটি খালে ৱাগনাৰে ।
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ ৰহাত আজি সংঘটিত দুটা পৃথক পথ দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে চাৰিজন লোক আহত হয় । ইয়াৰে প্ৰথমটো শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় ৰহা থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় পথৰ বগৰীগুৰিত । পুৱতি নিশা প্ৰায় তিনি বজাত গুৱাহাটীৰ পৰা নগাঁও অভিমুখে আহি থকা এখন ট্ৰাকৰ যান্ত্ৰিক বিজুতি হোৱাত পথৰ কাষত ৰখাই মেৰামতি কৰি আছিল । তেনে সময়তে একে দিশৰ গুৱাহাটীৰ পৰা অহা অন্য এখন ট্ৰাকে ৰৈ থকা ট্ৰাকত পিচফালৰ পৰা খুন্দা মাৰে । ফলত ঘটনাস্থলীতে তিনিজনৰ গাড়ীৰ চেপাত মৃত্যু হয় । ঘটনাৰ বিৱৰণী মতে পুৱতি নিশা প্ৰায় চাৰে তিনি বজাত ৰহাৰ বগৰীগুৰিত গুৱাহাটীৰ পৰা নগাঁও অভিমুখী আৰ,জে- ২৩ ই ০০৮৯ নম্বৰৰ ৰৈ থকা ট্ৰাকখনত একে দিশৰ গুৱাহাটী পৰা নগাঁও অভিমুখী আহি থকা অন্য এখন ট্ৰাকে (এ,এচ- ২৫ ডি চি- ৯০৩৯ নম্বৰৰ) প্ৰচণ্ড জোৰে খুন্দা মাৰে। যান্ত্ৰিক বিজুতিৰ বাবে ৰাষ্ট্ৰীয় পথৰ ওপৰত ৰখাই থোৱা আৰ জে ২৩ ই ০০৮৯ নম্বৰৰ ট্ৰাকখনৰ তিনি শ্ৰমিকে মেৰামতি কৰি আছাল। তেনেতে নগাঁও অভিমুখী এ ,এচ ২৫ ডি,চি _৯০৩৯ নম্বৰৰ ট্ৰাকখনে খুন্দা মৰাত ট্ৰাক মেৰামতি কৰি থকা দুজন শ্ৰমিকৰ লগতে খুন্দা মৰা ট্ৰাকখনৰ চালকজন থিতাতে নিহত হয়। ইয়াৰ লগতে আহত হয় অন্য দুজন শ্ৰমিক। আহত কেইজনক স্থানীয় ৰাইজৰ তৎপৰতাত ৰহা আৰক্ষীয়ে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । নিহত সকলৰ ভিতৰত ট্ৰাক চালক জনৰ নাম ৰাহুল দাস (২৭) বুলি জানিব পৰা গৈছে । ৰাহুলৰ ঘৰ ডিমা হাছাও জিলাৰ লাংটিঙত । নিহত আন দুজন হৈছে সন্দীপ সিং(ৰাজস্হান) , মদন সিং (ৰাজস্হান) । অন্যহাতে নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্হাত মৃত্যু হৈছে জেহিৰুল ইছলাম নামৰ অন্য এজন শ্ৰমিক । জেহিৰুলৰ ঘৰ গোৱালপাৰাত ।
অন্যহাতে আজি বিয়লি পুনৰ ৰহাত সংঘটিত হয় আন এক দুৰ্ঘটনা। ৰহাৰ খাইগড়ত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ খাৱৈত সোমাল এ,এচ -০১ ই ই- ৮৭৮৫ নম্বৰৰ ৱাগনাৰ গাড়ী। কথমপি প্ৰাণ ৰক্ষা দুই পতি-পত্নীৰ। জানিব পৰা মতে নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ৱাগনাৰ গাড়ীখনে ৰহা টোলগেট পাৰ হৈ খাইগড় পাওঁতেই হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি কেইবা লুটি খাই দ খাৱৈত পৰেগৈ। দুৰ্ঘটনাটো দেখাত ভয়ংকৰ যদিও বাহনখনৰ আৰোহী তীৰ্থ নাথ আৰু তেওঁৰ পত্নী বিজুলী নাথ কথমপি ৰক্ষা পৰে। দুৰ্ঘটনাত পতিত পতি-পত্নীৰ ঘৰ দক্ষিণ কামৰূপৰ ছয়গাঁৱত। নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত নিজ জীয়ৰীক থৈ দুয়ো ছয়গাঁৱলৈ ঘূৰি আহিছিল । দুয়োজনকে গাড়ীৰ দুৱাৰ ভাগি স্থানীয় ৰাইজে উদ্ধাৰ কৰে। দুয়োজনকে ৰহা আৰক্ষীয়ে ৰনথলি প্ৰাথমিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰে।