ৰহাত নিশাৰ ভিতৰতে নীলা হ’ল কলঙৰ পানী
নিয়মীয়া বাৰ্তা, ২৯ মেঃ সমগ্র দেশতে মহামাৰী ক’ৰোনা ভাইৰাছৰ বিভীষিকা৷ দেশজুৰি ক’ৰোনা প্রতিৰোধৰ তীব্র প্রচেষ্টা৷ অসমতো যুদ্ধংদেহি ভাবেৰে স্বাস্থ্য বিভাগ তথা অসম চৰকাৰে ক’ৰোনাৰ
বিৰুদ্ধে দিন–ৰাতি একাকাৰ কৰি ৰাজ্যক ক’ৰোনামুক্ত কৰিবলৈ নামি পৰিছে৷ তেনে সময়তে মধ্য অসমৰ মেৰুদণ্ডস্বৰূপ কলং নৈত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ নগাঁও জিলাৰ ৰহাৰ মাজেৰে বৈ যোৱা কলং নৈত সংঘটিত এনে চাঞ্চল্যকৰ ঘটনাই বর্তমান সকলোকে আচৰিত কৰি তুলিছে৷ মন কৰিবলগীয়া যে ৰহা বজাৰৰ পৰা দক্ষিণ–পূব দিশেৰে প্রায় তিনি কিলোমিটাৰ দূৰত্বত অৱস্থিত ঐতিহাসিক শ্রীশ্রীদিহিং সত্রৰ পিছফালে সংযোগ ঘটা তিনিসুঁতিৰ পৰা আৰম্ভ কৰি পূব দিশৰ দেওবালি দলঙৰ সমীপলৈকে কলং নৈৰ পানী নীলা হৈ পৰিছে৷
নদী–কাষৰীয়া জ্যেষ্ঠ, কনিষ্ঠ স্থানীয় বিভিন্নজন লোকৰ ভাষ্য অনুসৰি এনে আশ্চার্যজনক ঘটনা জীৱনত প্রথমবাৰৰ বাবে তেওঁলোকে দেখা পাইছে৷ বর্তমান সময়ত শেহতীয়া নেৰানেপেৰা ধাৰাসাৰ বৰষুণৰ বাবে কলং সংযোগী কপিলী, হাৰিয়া,বৰপানী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত কলং নৈৰ ভূগর্ভ বৃদ্ধি হৈ নৈৰ পাৰলৈকে পানী বাঢ়ি গৈছে৷ ফলত হাৰিয়ামুখৰ পৰা দেওবালিলৈকে গোটেই কলঙৰ পানী নীলা হৈ পৰিছে৷ কিন্তু এই সংকটকালত কোনোদিনে নেদেখা কলঙৰ নতুন ৰূপ দেখি আচৰিত হৈছে কলংপৰীয়া ৰাইজ৷ উল্লেখ্য যে বাঢ়নী পানীত ওফন্দি উঠা কলঙৰ নীলা পানীত নৈৰ দুয়োকাষে ফুলি উঠা এজাৰ গছৰ ফুলে যেন এজন সুনিপুণ শিল্পীয়ে ঁকা এখন ছবিৰ দৰে কৰি তুলিছে দৃষ্টিনন্দন৷ স্ফটিকৰ দৰে স্বচ্ছ, পৰিষ্কাৰ আৰু গাঢ় নীলা পানীত জিলিকি উঠিছে নীলাকাশৰ শুকুলা কিম্বা কলীয়া ডাৱৰ, জিলিকিছে নৈপাৰৰ শাৰী শাৰী গছ– বনৰ সেউজীয়া শোভা৷ যেন সেয়া কলং নহয়, সৃষ্টিশীল শিল্পীৰ যাদুকৰী হাতৰ পৰশত প্রাণ পাই উঠা আমাজনৰ এখন ছবিহে৷
দাপোণৰ দৰে জিলিকি উঠা আকাশৰঙী কলং হৈ পৰিছে চর্চাৰ কেন্দ্রবিন্দু৷ আনহাতে, ৰহাত কপিলী, বৰপানী আদি নৈয়ে সৃষ্টি কৰিছে বানৰ বিভীষিকা৷ চৌদিশে কেৱল বোকাময় পানী৷ ফেনে–ফোটোকাৰে বাঢ়িছে কপিলী নৈ৷ তাৰ বিপৰীতে কলং নৈৰ এই নতুন ৰূপৰ কাৰণ অনুমান কৰিব পৰা নাই স্থানীয় লোকে৷ হঠাৎ কলঙে সলোৱা ৰূপ দেখি স্থানীয় ৰাইজক ভীতিগ্রস্তও কৰি তুলিছে৷ কিয়নো চৌদিশে মহামাৰী ক’ৰোনাৰ আতংকৰ মাজতে বানপানীয়ে সৃষ্টি কৰিছে আন এক প্রলয়৷ তাৰ মাজতে শান্ত হৈ থকা কলঙৰ এই ৰূপে আনন্দৰ পৰিৱর্তে কলংপৰীয়া ৰাইজৰ মনত সৃষ্টি কৰিছে উদগ্ণতা৷ কাহানিও নেদেখা কলঙে হঠাৎ কিয় এনে ৰূপ লৈছে বা ইয়াৰ অন্তৰালত কি ৰহস্য আছে, সেয়া সকলোৰে অজ্ঞাত৷
আনফালে, এনে ঘটনাৰ খবৰ লাভ কৰি স্থানীয় ৰহা ৰাজহ চক্র বিষয়া ডাঃ প্রিয়ংকা বণিয়াই ঘটনাস্থলী পৰিদর্শন কৰি পৰিস্থিতৰ বুজ লয়৷ তদুপৰি ৰহাস্থিত জলসম্পদ বিভাগেও নীলা পানীৰ ৰহস্য ভেদ কৰিবলৈ পৰীক্ষাৰ বাবে নমুনা সংগ্রহ কৰিছে৷ আনহাতে, উক্ত নীলা পানী সন্দর্ভত ৰহাস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱসৰপ্রাপ্ত কনিষ্ঠ অভিযন্তা বাবুল শইকীয়াৰ লগত যোগাযোগ কৰি জানিব বিচৰাত তেওঁ পানীৰ নমুনা পৰীক্ষাৰ পাছতহে সঠিক উত্তৰ লাভ কৰিব পৰা যাব বুলি কয় যদিও কোনো ৰাসায়নিক দ্রব্য মিহলি হোৱাৰ ফলতে এনেকুৱা ৰং হ’ব পাৰে বুলি সন্দেহ কৰিছে৷ আনহাতে, অধিক তথ্য লাভৰ বাবে নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলৰ সহকাৰী কার্যবাহী অভিযন্তা (কাৰিকৰী শাখা) তথা ৰহা শাখাৰ ভাৰপ্রাপ্ত বিষয়া চবিৰ আহমেদৰ লগত যোগাযোগ কৰাত বিষয়াজনেও কোনো ৰাসায়নিক দ্রব্য মিহলি হোৱা বুলি সন্দেহ কৰে৷
বিষয়াজনে নৈৰ উৎস তথা পাহাৰীয়া অঞ্চলৰ শিলত থকা কোনো পদার্থ অথবা ৰাসায়নিক দ্রব্য মিহলি হৈ এনেধৰণৰ ৰঙৰ আকাৰ ল’ব পাৰে বুলি সন্দেহ প্রকাশ কৰিছে৷ লগতে বিভাগে ইতিমধ্যে এই পানীৰ নমুনা সংগ্রহ কৰি পৰীক্ষাৰ বাবে প্রেৰণ কৰিছে বুলি মন্তব্য কৰি দুই–তিনি দিনৰ ভিতৰত সঠিক ফলাফল দিব পাৰিব বুলি মন্তব্য কৰে৷