নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনক ভেঙুচালী: বিনামূলীয়া চাউল কৰ্তন কৰি দৰিদ্ৰৰ কাঢ়িছে মুখৰ ভাত!

 

 

নিয়মীয়া বাৰ্তা ; ১২ মাৰ্চ – ৰাজ্য চৰকাৰৰ খাদ্য ; অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অবিলাষি আঁচনি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনক ভেঙুচালী কৰা এক খৱৰে কামৰূপ জিলাৰ বকোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে ; অসম চৰকাৰৰ ঘোষণা অনুসৰি ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ প্ৰতি গৰাকী সদস্যক ৫ (পাছ ) কিলোগ্ৰামকৈ মাহেকত চাউল যোগান ধৰিব। সেই মতে স্থানীয় প্ৰসাশনে অগ্ৰাধিকাৰ দিয়া হিতাধিকাৰীয়ে পৰিয়ালৰ ৰেচন কাৰ্ডৰ জৰিয়তে চৰকাৰী চাউল সংগ্ৰহ কৰে। এই ব্যৱস্থাৰ দ্বাৰা গ্ৰামাঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল সমুহ অধিক উপকৃত হৈছিল। কিন্তু বিধিৰ বিপাক চৰকাৰৰ ডিজিটেল মাধ্যমত এই আচঁনিৰ অধিক কেনা লাগিল। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনক কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেলাইজেশ্বন কৰিব গৈ দৰিদ্ৰ জনতাৰ মুৰত সোধাইছে ৰাম টাঙোণ। ডিজিটেল পদ্ধতিত লাখ লাখ দৰিদ্ৰ জনতা বাদ পৰিছে বিনামূলীয়া চাউল প্ৰাপ্তিৰ পৰা। ইফালে পূৰ্বৰ পৰাই একেখন ৰেচন কাৰ্ডৰ জৰিয়তে পৰিয়ালৰ সদস্যৰ সংখ্যাৰ ভিত্তিত প্ৰতি পৰিয়ালে সংগ্ৰহ কৰিছিল চাউল। কিন্তু এতিয়া কাৰিকৰী বিজুতি হোৱা বুলি জনায় শ শ পৰিয়ালৰ চাউল কৰ্তন কৰে। ইফালে প্ৰতিখন ৰেচন কাৰ্ডৰ পৰিয়ালৰ সদস্য কৰ্তন কৰি বিনামূলীয়া চাউল যোগান ধৰা আইন উলঙ্ঘা কৰাৰ অভিযোগ উত্থাপন কৰে বকোৰ শ শ পৰিয়ালে। ইফালে একাংশ ভূক্তভোগী পৰিয়ালৰ অভিযোগ যে ; পূৰ্বৰ পৰাই একেখন ৰেচন কাৰ্ডৰ জৰিয়তে পৰিয়ালৰ সকলো সদস্য বাবে চাউল সংগ্ৰহ কৰিছিল এতিয়া নাপায়। ইয়াৰ কাৰণ জনাটাও সমস্যা হৈ পৰিছে। ইফালে গাওঁৰ দৰিদ্ৰ পৰিয়ালে জিলা সদৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্য্যালয়লৈ যোৱাটো সমস্যা। সেয়েহে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আবেদন জনাইছে ভূক্তভোগী পৰিয়ালে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like