চাহ শ্ৰমিকৰ বকেয়া ধন আদায় নিদিয়াৰ প্ৰতিবাদত ২৩ তাৰিখে ধৰ্না কাৰ্যসূচী
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: চাহ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা বৰ্তমানৰ চৰকাৰখনে সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগত আজি অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা সমিতিৰ এখন সভা অনুষ্ঠিত হয় ৷ শালনাস্থিত অসম চাহ মজদুৰ সংঘ নগাঁও শাখা কাৰ্যালয়ত চাহ শ্ৰমিক সকলৰ বিভিন্ন সমস্যাৰ ওপৰত আজি অনুষ্ঠিত হোৱা সভা খনত ৰাজ্য চৰকাৰ খনে চাহ শ্ৰমিক সকলক দিয়া প্ৰতিশ্ৰুতি সমুহ আজি পৰ্য্যন্ত পালন কৰা নাই বুলি অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়া সকলে অভিযোগ কৰে ৷ উল্লেখ্য যে অসম চাহ নিগম লিমিটেডৰ অধীনস্থ চাহ বাগিচা সমুহ ৰাজ্য চৰকাৰে লীজত দিয়াৰ ব্যৱস্থা গ্ৰহন কৰিছে যদিও ২০০৪ চনৰ পৰা ২০২২ চনলৈকে চাহ শ্ৰমিক সকলৰ সম্পূৰ্ণ বকেয়া ধন আদায় নিদিয়াকৈ ৰাজ্য চৰকাৰ খনে বাগিচা কেইখন ব্যক্তিগত খণ্ডক গতাই দিব নোৱাৰিব বুলি চাহ শ্ৰমিক সকলৰ লগলে অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়ে ৷ এইক্ষেত্ৰত অসম চাহ মজদুৰ সংঘৰ নগাঁও শাখা আৰু লুংচুং চাহ বাগিচা ইউনিট কমিটিয়ে অসম চাহ নিগম লিমিটেডৰ অধীনস্থ আমলখি চাহ বাগিচা লুংচুং চাহ বাগিচা আৰু ডিজুভেলী চাহ বাগিচাৰ লগতে শাখা চাহ বাগিচাৰ চাহ শ্ৰমিক সকলৰ প্ৰাপ্য বকেয়া ধন আদায় নিদিয়া পৰ্যন্ত বোকাহুলা টি কোম্পানীক বাগিচা সমুহত কোনো ধৰনৰ কাম কৰিবলৈ দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰিছে ৷
উক্ত চাহ বাগিচা সমুহৰ চাহ শ্ৰমিকৰ প্ৰাপ্য বকেয়া ধন আদায় দিবৰ কাৰনে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য শ্ৰম মন্ত্ৰী সঞ্জয় কিষান আৰু বিভাগীয় সঞ্চালকক অসম চাহ মজদুৰ সংঘৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত চাহ শ্ৰমিক সকলে বকেয়া ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি উপস্থিত চাহ শ্ৰমিক সকলৰ লগতে অসম চাহ মজদুৰ সংঘৰ নগাঁও শাখাৰ বিষয়ববীয়া সকলে অভিযোগ কৰে ৷ অসম চাহ মজদুৰ সংঘৰ উপসভাপতি বিন্দু গুঞ্জু অসম চাহ মজদুৰ সংঘৰ নগাঁও শাখাৰ উপদেষ্টা বচন মল্লিক আৰু সভাপতি সুখদেৱ নায়ক উপ সভাপতি চেইন গৌড় অবিনাশ ঘাটোৱাৰ কোষাধ্যক্ষ চনুদ্বীপ তাতিঁ আটছাৰ নগাঁও জিলাৰ প্ৰাক্তন সভাপতি আৰু অসম চাহ মজদুৰ সংঘৰ কাৰ্যনিৰ্বাহক সদস্য মানিক তাচাঁ আৰু কাৰ্তিক চাহুকে ধৰি বহুকেইজন চাহ মজদুৰ সংঘৰ নেতা উপস্থিত থকা সভা খনত চাহ শ্ৰমিক সকলৰ প্ৰাপ্য বকেয়া ধন ৰাজ্য চৰকাৰে বৰ্তমানলৈ মোকলাই নিদিয়াৰ প্ৰতিবাদত অহা ২৩ ডিচেম্বৰ তাৰিখে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ২৮ ডিচেম্বৰ তাৰিখে অসম চাহ নিগম লিমিটেডৰ অধীনস্থ চাহ বাগিচা সমুহ বন্ধ ঘোষণা কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হব বুলি অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়ে ৷