৩৬ সংখ্যক মিচিং ভাষা স্বীকৃতি দিৱস উদযাপন
নৱ প্ৰজন্মই জীয়াই ৰাখিব লাগিব ভাষা সংস্কৃতি পৰিচয়, বিভিন্ন মিচিং নৃত্যৰে মুখৰিত চাংগ জোনাই
নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰ : অসমৰ অন্যতম নৃ- গোষ্ঠী তথা চহকী লোক – সাহিত্য, বৰ্ণাঢ্য সাংস্কৃতিক সম্ভাৰেৰে সমৃদ্ধ মিচিংসকলৰ ৩৬ সংখ্যক ভাষা স্বীকৃতি দিৱসটো ৩০ অক্টোবৰ তাৰিখ শুক্ৰবাৰে মিচিং আগম কেবাঙৰ বিভিন্ন শাখা আৰু দুলং সমিতিৰ উদ্যোগত গন্তিৰসপূৰ্ণ পৰিবেশৰ মাজত উদযাপন কৰা হয়৷ জোনাইৰ চাংগ জোনাই বাংকে আগম কৗবাঙৰ উদ্দ্যোগত ৩৬ সংখ্যক মিচিং জনগোষ্ঠীৰ ভাষা দিৱসটো সম্পূৰ্ণ কভিড প্ৰটোকল মানি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত ভাষা দিৱসৰ লগত সংগতি ৰাখি সাহিত্য, সাংস্কৃতিক আৰু বিভিন্ন খেলৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়৷ বাহিৰৰ জানাই বাংকে লত্তাত সাংস্কৃতিক অনুষ্ঠানত জীয়ৰী বোৱাৰীৰ লত্তা চ:মান আৰু বিভিন্ন মিচিং নৃত্যৰে মুখৰিত হয় বাহিৰৰ জোনাইত৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে কন্ঠ শিল্পী মল্লিকা শইকীয়া, নৱকিশোৰ টাৱ আৰু সদাগৰ কুটুমে লগতে স্থানীয় শিল্পীয়ে৷ উল্লেখযোগ্য যে, উক্ত সভাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰ সদস্য নৰেশ কুম্বাং , চাংগ আগম কৌবাঙৰ সভাপতি বিনোদ পেগু, সম্পাদক য়োগেচ পামেৰ লগতে কেইবাগৰাকী গণ্যমান্য ব্যক্তিয়ে উপস্থিত থাকি মিচিং ভাষা সাহিত্য আৰু সমস্যাৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে৷ ইফালে তেলাম বাংকে মিচিং আগম কৌবাঙৰ উদ্যোগত তেলামৰ ভূপেন হাজৰিকা মুকলি মঞ্চত বিস্তৃ কাৰ্যসূচীৰে উদযাপন কৰা হয়। দিৱসত “ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০,মাতৃ ভাষাত শিক্ষাদান” শীৰ্ষক বিষয়ত অনুষ্ঠিত কৰা হয়৷ আলোচনা চক্ৰত পশ্চিম জোনাই মহাবিদ্যালয়ৰ অধ্যাপক বীৰেণ পেগু,তেলাম কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ টংকেশ্বৰ মৰাং আৰু জামজিং শান্তিপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিস্ময় কামানে আলোচক হিচাপে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰ সন্দৰ্ভত আলোকপাত আগবঢ়ায়। অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰূপে ভাষন আগবঢ়াই মিচিং আগম কৌবাঙৰ সদস্য তুলাৰাম মৰাঙে কয় মিচিং ভাষা,সাহিত্য বিকাশৰ মহান উদ্দেশ্য আগত ৰাখি মিচিং সমাজৰ কেইজনমান প্ৰাতঃস্মৰণীয় ব্যক্তিৰ উদ্যোগত ১৯৭২ চনত প্ৰতিষ্ঠা লাভ কৰে মিচিং আগম কৌবাঙ (মিচিং সাহিত্য সভা)ৰ। জন্মলগ্নৰে পৰাই মিচিং আগম কৌবাঙে মিচিং ভাষা স্বীকৃতিৰ দাবীত দীৰ্ঘ বছৰ ধৰি চলাই অহা গণতান্ত্ৰিক আন্দোলন ফলশ্ৰতিত ১৯৮৫ চনৰ আজিৰ দিনটোতে অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ চৰকাৰে মিচিং অধ্যুষিত অঞ্চলত প্ৰাথমিক বিদ্যালয়ত বিষয় হিচাপে মিচিং ভাষাক স্বীকৃতি প্ৰদান কৰে। সেই সময়ৰ পৰাই মিচিং আগম কৌবাঙে ৩০ অক্টোবৰ তাৰিখে মিচিং ভাষা দিৱস উদযাপন কৰি আহিছে বুলি বক্তব্য দাঙি ধৰি মিচিং ভাষাক মাধ্যম হিচাপে স্বীকৃতিৰ দাবী বৰ্তমানেও চৰকাৰক জনাই আহিছে যদিও কোনো এখন চৰকাৰে ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।
আনহাতে মিচিং আগম কৌবাঙৰ জোনাই চন্দ্ৰপুৰ দলুং উদ্যোগত বহু ভাষাপ্ৰেমী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা মুকলি সভাত মিচিং বান কেবাঙৰ সাধাৰণ সম্পাদক তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদকে অংশগ্ৰহণ কৰি নিজৰ ভাষণত ভাষা, কৃষ্টি – সংস্কৃতি , ধৰ্মীয় চেতনা একোটা জাতিৰ আত্মা স্বৰূপ বুলি উল্লেখ কৰে। মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং , জেষ্ঠ নাগৰিক তথা অৱসপ্ৰপ্ত শিক্ষক যোগেশ পেগোঁ , টী এম পি কেৰ সহকাৰী সম্পাদক লিলকান্ত টায়ে, মিচিং আগম কেবাঙৰ চান্দ্ৰপুৰ দলোং কেবাঙৰ উপদেষ্টা সুৰজ টায়ুং, সভাপতি ভৰত চিন্তে সম্পাদক পুলিন পেগু, কাতিৰাম টায়ুং, ভৰত দলে ৰাহুল টায়ুঙ আদিয়ে উপস্থিত থকা সভাত টি এম পি কেৰ সভাপতি ৰাজকুমাৰ মৰাঙে ভাষণত মিচিং ভাষা – সাহিত্যৰ লগতে শৈক্ষিক, আৰ্থ – সামাজিক আদি উন্নয়নৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে মিচিং স্বায়ত্বশাসিত পৰিষদ ভাওঁতিয় সংবিধান ষষ্ঠ অনুসুচিলৈ সম্প্ৰসাৰণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। ইপিনে সভাত সাংবাদিক ৰয়েল পেগুৱে অংশগ্ৰহণ কৰি ভাষণত কয় বিগত ৩৫ টা বছৰে মিচিং ভাষা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰা ওপৰ শ্ৰেণীলৈ নোযোৱাৰ লগতে মিচিং ভাষাক মাধ্যম হিচাপে প্ৰবৰ্তন ক্ষেত্ৰত চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পালন নকৰাৰ বুলি চোকা সমালোচনা কৰে । লগতে কয় — মিচিং ভাষা স্বীকৃতিৰ পিচত অসমৰ মিচিং অধ্যুষিত ১,২২১ খন প্ৰাথমিক বিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰি মিচিং আগম কেবাঙে উক্ত বিদ্যালয় সমূহত মিচিং ভাষা শিক্ষা প্ৰবৰ্তন কৰি মিচিং ভাষাৰ শিক্ষক নিযুক্তি দিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাই যদিও চৰকাৰে ১৯৮৫ চনৰ পৰা বৰ্তমানলৈ অসমত কেৱল ২৩০ গৰাকী মিচিং ভাষা শিক্ষক নিযুক্তি দিয়ে । চৰকাৰে নিযুক্ত দিয়া ২৩০ গৰাকী মিচিং ভাষা শিক্ষকৰ পৰা অৱসৰগ্ৰহণ কৰা আৰু মৃত্যু হোৱা পদো চৰকাৰে পূৰণ নকৰাত বৰ্তমান বহু বিদ্যালয়ত মিচিং ভাষা শিক্ষক নোহোৱাকৈ চলি থকা বুলিও কয়। তদুপৰি সাংবাদিক পেগুৱে কয় চৰকাৰে মাতৃভাষাক শিক্ষা গ্ৰহনৰ মৌলিক অধিকাৰ হিচাপে গণ্য কৰিছে যদিও মিচিং ভাষাৰ শিক্ষক নিযুক্তি নিদি চৰকাৰে হেজাৰ হেজাৰ কণ কণ মিচিং শিশুক মাতৃভাষত শিক্ষা গ্ৰহণৰ দৰে মৌলিক অধিকাৰ খৰ্ব কৰা বুলি চোকা সমালোনা কৰে । মিচিং অধ্যষিত সকলো প্ৰাৰ্থমিক বিদ্যালয়ত মিচিং ভাষা শিক্ষক নিযুক্তি আৰু মিচিং ভাষাক মাধ্যম হিচাপে প্ৰবতন কৰা আৰু পত্যপুতি প্ৰণয়নৰ ব্যবস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই। তদুপৰি সাংবাদিক ৰয়েল পেগুয় বিশ্বৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি – জনগোষ্ঠী সমূহৰ ভাষা , কৃষ্টি – সংস্কৃতি তথা পৰিচয়ৰ বিপন্ন হোৱাৰ বুলি উল্লেখ কৰি নৱ প্ৰজন্মই জাতিটোৰ ভাষা – সংস্কৃতি আৰু স্বকীয় পৰিচয় ৰক্ষা কৰিব লাগে বুলি মন্তব্য কৰে।