নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত নিৰ্বাচনী যুঁজঃ জয়ী হোৱাৰ ক্ষেত্ৰত প্ৰবল আশাবাদী এই ৪ গৰাকী প্ৰাৰ্থী

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ ৮২নং ৰহা বিধানসভা সমষ্টিত  পঞ্চায়তে পঞ্চায়তে চলিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। বিগত কাৰ্যকালত বিজেপিৰ প্ৰাৰ্থী ডিম্বেশ্বৰ দাসে প্ৰায় তেত্ৰিশ হাজৰ ভোটৰ ব্যৱধানত সমষ্টিটোত জয়লাভ কৰিছিল। এইবাৰো সমষ্টি দখলৰ বাবে যুঁজ অব্যাহত ৰাখিছে দলসমূহে। এইক্ষেত্ৰত প্ৰাৰ্থীসকলৰ ভাষ্য চাওক।

?গুণেশ্বৰ দাস(প্ৰাক্তন বিধায়ক),নিৰ্দলীয় প্ৰাৰ্থী:-

“নিৰ্দলীয় হ’লেও কংগ্ৰেছ-এজিপিৰ বিৰুদ্ধে মই শক্তিশালী-“

সমাগত নিৰ্বাচনত ৰহা সমষ্টিত কংগ্ৰেছ-এজিপিৰ বিপৰীতে মই এগৰাকী শক্তিশালী প্ৰাৰ্থী। বিগত ২০০৬ চনৰ চৰকাৰৰ বিৰোধী দলৰ বিধায়ক হৈ থকাৰ সময়তো ৰহা সমষ্টিত বহুকেইটা বিশেষ কাম কৰিছিলোঁ। সমষ্টিৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত অতি ওতঃপ্ৰোতহকৈ জড়িত থাকি সমষ্টিৰ প্ৰতিটো সমস্যাৰ বিষয়ে জ্ঞাত হৈ সেইবোৰ সমাধানৰ বাবে বিভিন্ন পৰিকল্পনা যুগুত কৰি ৰাখিছো। যদিহে পুনৰ ৰাইজে বিধায়ক হিচাপে নিৰ্বাচিত কৰে তেন্তে বানপানী প্ৰতিৰোধৰ বাবে প্ৰথম পদক্ষেপ গ্ৰহণ কৰিম। ইয়াৰ লগতে কলং-কপিলী-তিতাইমাৰী-হাৰিয়া-নিশাৰী-বৰপানী নৈৰ মাথাউৰি নিৰ্মাণ কৰি কৃষক ৰাইজক বানৰ কবলৰ পৰা মুক্ত কৰা ; বৰ্তমানেও বাকী থকা ৰাস্তা-ঘাট, দলং আদি নিৰ্মাণৰ লগতে অন্যান্য সমস্যা সমূহ পূৰণ কৰিম। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সমষ্টিৰ সকলো পঞ্চায়ততে পূৰ্ণ সহযোগিতা লাভ কৰিছোঁ। মোৰ দৃঢ় বিশ্বাস শাসকীয় মিত্ৰজোঁট আৰু মহাজোঁটৰ পৰাও বৃহত সংখ্যক ভোট লাভ কৰি নিৰ্বাচনত জয়ী হম।

? বিষ্ণু দাস, মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী

“নিঃস্বাৰ্থভাৱে ৰাইজৰ কাম কৰিম আৰু মিত্ৰজোঁটে জয়লাভ কৰিব-“

যদিও ৰহা সমষ্টিত অসম গণ পৰিষদ দল সাংগঠনিক ভেটি সবল নাছিল, টিকট লাভৰ প্ৰাকমুহূৰ্তত সমষ্টিৰ পঞ্চায়তসমূহত গৈ পুনৰ দলীয় কৰ্মীসকলক সক্ৰিয় কৰা ভূমিকা গ্ৰহণ কৰিছিলোঁ। পাছত যেতিয়া ৰহা সমষ্টিত মিত্ৰজোঁটৰ সমৰ্থিত অগপৰ দলীয় টিকট লাভ কৰিলোঁ , তেতিয়াই বিজেপি দলৰ সমূহ দলীয় নেতা-কৰ্মীৰ সহযোগত নিৰ্বাচনত নামি পৰোঁ। মোৰ কোনো ৰাজনৈতিক নেতা, মন্ত্ৰী বা বিধায়ক হোৱাৰ সপোন নাই।

মাথোঁ ৰাইজৰ সেৱা কৰা প্ৰবল মানসিকতাৰ বাবেহে ৰাইজৰ সেৱা কৰিবলৈ ৰাজনৈতিক দলৰ আলমত আগবাঢ়িছোঁ। সৰুৰে পৰা পিতৃয়ে( আচাৰ্য ইলাৰাম দাস, একশৰণ ভাগৱতী সমাজ) ৰাইজৰ বাবে নিস্বাৰ্থ মনোবৃত্তিৰে যি সেৱা আগবঢ়াই আহিছে সেই পৰিবেশৰ পৰাই আমাৰো তেনে মানসিকতা গঢ়ি উঠিছে। আমি এই ক্ষেত্ৰত আগবাঢ়ি যোৱাত ৰাইজৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছোঁ। তদুপৰি বিগত বিজেপি মিত্ৰজোঁট চৰকাৰৰ কাৰ্যকালত অসমৰ জনসাধাৰণে যিদৰে উপকৃত হৈছে সেইদৰে ৰহা সমষ্টিৰ জনসাধাৰণো উপকৃত হৈছে। আমাৰ ইচ্ছা যদিহে নিৰ্বাচনত জয়ী হওঁ, ৰহা সমষ্টিটো সৰ্বোদিশতে  অসমৰ ভিতৰতে জাকত-জিলিকা কৰি তুলিবলৈ চেষ্টা কৰিম আৰু আমাৰ জয় নিশ্চিত।

? শশীকান্ত দাস, কংগ্ৰেছ প্ৰাৰ্থী

“নব্বৈ হাজাৰ ভোট লাভ কৰি জয়ী হ’ম-“

লক্ষ লক্ষ জনতাৰে পূৰ্ণ এটা সমষ্টিৰ উন্নয়নৰ বাবে এটা সুস্থ পৰিকল্পনাৰ প্ৰয়োজন।আমিও এনে পৰিকল্পনা যুগুতাই ৰাখিছোঁ। বিধায়ক হিচাপে নিৰ্বাচিত হ’লে ৰহা সমষ্টিটো অসমৰ ভিতৰতে উল্লেখযোগ্য সমষ্টি হিচাপে গঢ়ি তুলিম। এটা কথা স্পষ্ট হৈছে যে, এইবাৰ ৰহা সমষ্টিটো কংগ্ৰেছ তথা মহাজোঁটে নিশ্চিত ভাৱে জয়লাভ কৰিব। দুই লক্ষাধিক ভোটাৰে গঠিত ৰহা সমষ্টিটোত ছাত্ৰ-ছাত্ৰী সকলৰ উচ্চশিক্ষা লাভৰ বাবে বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ লগতে ,কাৰিকৰী বিদ্যাৰ শিক্ষানুষ্ঠান স্থাপনৰ কাৰণে চৰকাৰৰ ওচৰত যিমান পৰ্যায়ৰ দাবী জনাব লাগে সেয়া কৰিবলৈ প্ৰস্তুত।

তদুপৰি সমষ্টিটোৰ বৃহত অঞ্চলত  চলিত এটা বছৰত  পাঁচ-সাতটাকৈ বানপানীৰে কৃষক তথা সাধাৰণ ৰাইজক মাধমাৰ শোধাই আহিছে। ইয়াৰ কাৰণ হ’ল সবল মাথাউৰিৰ  অভাৱ। আমি এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিম। সমষ্টিটোত শিক্ষিত  নিবনুৱা আৰু মহিলা সকলৰ আত্ম সংস্থাপন তথা আত্মনিৰ্ভশীলতাৰ বাবে ব্যৱস্থা ল’ম আৰু সমষ্টিবাসীৰ চিকিৎসা সেৱাত যাতে কেতিয়াও ব্যাহত নহয় তাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিম। বিগত সময়চোৱাত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত লোকসকলৰ বাবেও আমি ব্যৱস্থা লম। মই এগৰাকী ৰহাৰ স্থানীয় ভোটাৰ হিছাপে বৰ্তমান সময়লৈকে সকলো ৰাইজৰ মৰম আৰু আশীৰ্বাদ লাভ কৰিছোঁ। এই আশীৰ্বাদতে প্ৰায় নব্বৈ হাজাৰো অধিক ভোটেৰে জয়লাভ কৰাটো প্ৰায় নিশ্চিত।

?উৎপল বণিয়া, অ:জা:প:

অজাপক সমষ্টিবাসীয়ে আদৰি লৈছে

“আঞ্চলিকতাবাদৰ নৱ চিন্তাৰ উন্মেষ ঘটাই গঠিত হোৱা অসম জাতীয় পৰিষদক অসমৰ অন্যান্য সমষ্টিৰ দৰে ৰহা সমষ্টিটো ভোটাৰ ৰাইজে আদৰি লৈছে আৰু ইয়ে হ’ল আঞ্চলিকতাবাদী ভেটিৰ অন্যতম শিপা। মই নিজে এজন উদ্যোগী যুৱক। চৰকাৰী চাকৰি এৰি আত্মনিৰ্ভশীল হৈ সমাজক আগুৱাই নিবলৈ নতুন পদক্ষেপ গ্ৰহণ কৰিছো। অসমীয়া কেঁচা সোণৰ গহণাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যি প্ৰচেষ্টা তাত সফল হৈছো।

ইয়াৰ বাবে চাৰিটাকৈ আন্তঃৰাষ্ট্ৰীয় সন্মান বুটলিবলৈকো সক্ষম হৈছো। যদিহে সমষ্টিবাসীয়ে সুযোগ প্ৰদান কৰে তেন্তে সমষ্টিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উচ্চ শিক্ষা গ্ৰহণ কৰি আত্মনিৰ্ভশীল হবলৈ ব্যৱস্থা গ্ৰহণ কৰিম, সমষ্টিত যাতায়তৰ ব্যৱস্থা সুচল কৰা, চিকিৎসা ব্যৱস্থা-খোৱাপানী ব্যৱস্থা, ঐতিহাসিক স্থান সমূহক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰা, বান-মাথাউৰি ব্যৱস্থা কৰা, উদ্যোগ স্থাপন  আদি লক্ষ্যবোৰ পূৰণ কৰিম। আমি সামাজিক উন্নয়ন বুলিলে নামঘৰ,বিদ্যালয়, মছজিদ, গীৰ্জা আদিত ধন দিলেই উন্নয়ন নুবুজাই। যদিহে পৰিকল্পনা অনুযায়ী  ৰাইজৰ সমস্যাবোৰ গুৰুত্ব অনুসৰি সমাধান কৰিব পাৰিলে তেতিয়াহে উন্নয়ন সম্ভৱ। আমিও এনেদৰে আগুৱাই নিবলৈ চেষ্টা কৰিম।

You might also like