বৰপেটাত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ৭১২ বেগ চোৰাং চাউল জব্দ
নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং বেহা এতিয়াও অব্যাহত আছে বৰপেটা জিলাত৷ দুখীয়া ৰাইজৰ মুখৰ পৰা চান কাঢ়ি এটা প্রভাৱশালী চক্রই খাদ্য আৰু অসামৰিক যোগান বিভাগৰ একাংশ বিষয়া আৰু একাংশ সমবায় সমিতিক মেনেজ কৰি দীর্ঘদিন ধৰি জিলাখনত চলাই আহিছে বগা চাউলৰ ক’লা ব্যৱসায়৷ সকলো পক্ষকে মেনেজ কৰি এই চক্রটোৱে চোৰাংভাৱে ক্রয় কৰা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলসমূহ ৰি–পেকেজিং কৰি প্রেৰণ কৰি আহিছে চুবুৰীয়া ৰাষ্ট্র বাংলাদেশলৈ৷ এই সন্দর্ভত সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি প্রকাশৰ পাছতে চোৰাং চাউলৰ ব্যৱসায় কৰা চক্রৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বৰপেটা জিলা প্রশাসন৷ প্রশাসনে বৰপেটা চহৰৰ নিকটৱর্তী কাঁহিবাৰীৰ পৰা বৃহৎ পৰিমাণৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল জব্দ কৰিবলৈ সক্ষম হয়৷
প্রাপ্ত খবৰ অনুসৰি, কাঁহিবাৰীৰ চাহজাহান আলী নামৰ এজন ব্যক্তিৰ ভাৰাতীয়া গুদামত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বৃহৎ পৰিমাণৰ চোৰাং চাউল জমা ৰখা বুলি প্রশাসনে গোপন সূত্রৰ পৰা খবৰ লাভ কৰে৷ এই খবৰ লাভ কৰাৰ পাছতে বৰপেটা জিলাৰ উপায়ুক্তৰ নির্দেশমর্মে, অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকৰ নেতৃত্বত যোগান বিভাগৰ পৰিদর্শক আশিস বৰঠাকুৰ, উপ–পৰিদর্শক মনহৰি বায়ন আৰু হিমাংশু দাসে কাঁহিবাৰীৰ চাহজাহান আলী নামৰ ব্যক্তিজনৰ ঘৰত উপস্থিত হৈ চোৰাং চাউলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷ বিষয়াৰ দলটোৱে চাহজাহান আলীৰ ভাৰাতীয়া তিনিটা গুদামৰ পৰা অভিযান চলাই ৰি–পেকেজিং কৰি থকা অৱস্থাতে ৭১২ বেগ চাউল জব্দ কৰিবলৈ সক্ষম হয়৷ চোৰাং চাউলৰ লগতে এখন এ এছ–১৫ চি–৮৭৯৪ নম্বৰৰ বলেৰ’ পিকআপ ভান, দুটা বস্তা চিলাই কৰা মেচিন, সৰু জেনেৰেটৰ আৰু দুটা ওজন জোখা যন্ত্র জব্দ কৰে বিষয়াৰ দলটোৱে৷ অৱশ্যে প্রশাসনৰ লোক উপস্থিত হোৱাৰ পূর্বেই ইয়াৰ লগত জডিত লোকসকল পলাই যাবলৈ সক্ষম হয়৷ পাছত গুদামটো ছীল কৰি জিলা প্রশাসনৰ ফালৰ পৰা বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰে৷
অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকে জনোৱা মতে, কাঁহিবাৰীৰ টিকেন দাস নামৰ এজন ব্যক্তিয়ে চাহজাহান আলীৰ তিনিটা গুদাম ভাৰাত লৈ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউলখিনি জমা কৰি ৰাখিছিল৷ বহু চাউলৰ বস্তাত এফ চি আইৰ মোহৰ লগোৱা আছিল বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷ এই চোৰাং ব্যৱসায়ৰ লগত কোন কোন জডিত হৈ আছে, তদন্তৰ অন্তত সকলো ঘটনা পোহৰলৈ আহিব বুলিও তেওঁ জানিবলৈ দিয়ে৷ অভিযোগ অনুসৰি টিকেন দাস হৈছে চোৰাং চাউলৰ কুখ্যাত ব্যৱসায়ী জয়ন্ত দাসৰ মেনেজাৰ৷ এই চক্রটোৱে জিলাখনৰ বিভিন্ন সমবায় সমিতিৰ পৰা গোপন বুজাবুজিৰে চাউল ক্রয় কৰি লোকচক্ষুৰ পৰা হাত সাৰিবলৈ এই গুদামসমূহত ৰি–পেকেজিং কৰি ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে মেঘালয় হৈ চুবুৰীয়া ৰাষ্ট্র বাংলাদেশলৈ বিক্রীৰ বাবে প্রেৰণ কৰি আহিছে৷ কাঁহিবাৰীৰ গুদামত আজি উদ্ধাৰ হোৱা চোৰাং চাউলখিনিও ৰি–পেকেজিং কৰি বাংলাদেশলৈ প্রেৰণ কৰাৰ বাবে জমা ৰাখিছিল বুলি জানিব পৰা গৈছে৷