নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত আছু উদ্যোগত নাগৰিৰ সভা, জোনাইক জিলা ঘোষণা কৰা আৰু এখনি চিকিৎসালয় মহাবিদ্যালয় স্থাপনৰ দাবী

নিয়মীয়া বাৰ্তা, ৩১ আগষ্টঃজোনাইত যোৱা দেওবাৰে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এখনি নাগৰিক সভা অনুষ্ঠিত কৰে৷ চিয়াং লালী নৈৰ বানে শ শ গাওঁ বিধ্বস্ত কৰা, পুনৰ সংস্থাপনৰ বাবে খিলঞ্জীয়াৰ সংগ্ৰাম আদি নানা সমস্যাৰ জৰ্জৰিত কৰাৰ সময়তে জোনাইত অনুষ্ঠিত এই নাগৰিক সভাই জোনাইক লৈ বহু প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ স্থানীয় জোনাই টাউন ক্লাৱত সামাজিক দূৰত্ব মানি অনুষ্ঠিত এই নাগৰিক সভা খনিৰ সভাপতিত্ব কৰে জোনাই মহকুমা জেষ্ঠ্য নাগৰিক সন্থাৰ সভাপতি ৰাসেশ্বৰ পায়েঙে৷ এই নাগৰিক সভাত জোনাইৰ বিভিন্ন স্তৰৰ ৰাইজ উপস্থিত থাকে৷ নাগৰিক সভাত সমূহ ৰাইজে জোনাইৰ বাবে কেবাটাও গুৰুত্ব পূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে৷ জোনাই মহকুমা যিহেতু অৰুনাচল সীমান্তৱৰ্তী এক মহকুমা আৰু জিলা সদৰৰ সতে ইয়াৰ দূৰত্ব ১০০ কিলোমিটাৰ অধিক হোবা বাবে জিলা সদৰৰ সতে যোগাযোগ কৰাত ৰাইজৰ বহু অসুবিধা হোবা বাবে অতি সোনকালে জোনাইক জিলা হিচাপে ঘোষণা কৰাৰ দাৱীত এক প্ৰস্তাৱ লয়৷ ইয়াৰ উপৰিও জোনাই এখনি চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা, জোনাইৰ পবা বনাঞ্চলক অতি সোনকালে ৰাষ্ট্ৰীয় অভয়াৰণ্য ঘোষণাৰ দাৱী, মহকুমাটোৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে ঐৰামঘাটৰ পৰা চেঙাজন অঞ্চললৈ শিলৰ বান্ধ নিৰ্মাণ কৰা, জোনাইৰ চিমেন চাপৰিত আৰম্ভ হোবা পলিটেকনিক কলেজ খন শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰা, মহকুমাটোত থকা জোনাই বিজ্ঞান মহাবিদ্যালয় আৰু মুৰ্কংচেলেক মহাবিদ্যালয়ৰ বিজ্ঞান শাখাটো প্ৰাদেশিকৰণ কৰা বাবে ব্যৱস্থা লোৱাৰ দাবী, যোবাটো বানত সকলো হেৰুৱাই পেলোৱা পৰিয়াল সকলক জৰীপ কৰি উচিত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ বাবে পদক্ষেপ গ্ৰহণৰ দাবী লগতে মহকুমাটোত অবাদে প্ৰচলন হোৱা ভাং আৰু ড্ৰাগছৰ ৰোধ কৰাৰ বাবে গাৱেঁ গাৱেঁ সজাগতা সভাৰ আয়োজন কৰা আদি কেবাটাও প্ৰস্তাৱ উক্ত নাগৰিক সভাত গ্ৰহণ কৰা হয়৷ এই নাগৰিক সভাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰী , ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা, ধেমাজি জিলা উপ সভাপতি ৰাজীৱ গগৈ, ধেমাজি জিলা প্ৰচাৰ সম্পাদক কৈলাশ মিৰি , জোনাই মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰী ,জোনাই আঞ্চলিক ছাত্ৰ সন্থা সভাপতি মানস প্ৰতিম বৰা, সাধাৰণ সম্পাদক ৰাজৰিচি পেগু আৰু চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থা সভাপতি তনু গগৈ আৰু বিভিন্ন দল সংগঠন, জোনাই জ্যেষ্ঠ নাগৰিক , বুদ্ধি জীৱি সমাজ কৰ্মী।

You might also like