মূল্যবৃদ্ধিৰ প্ৰতিবাদত বোকাজানত আছুৰ প্ৰতিবাদী কাৰ্যসূচী
নিয়মীয়া বাৰ্তা, ৪জুলাইঃ বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে পয্যায়ক্ৰমে আহ্বান জনোৱা সমগ্ৰ দেশ লকডাউনৰ সময়ত ৰাজ্যৰ স্বাভাৱিক জনজীৱন স্তব্ধ হৈ পৰিছে। শৈক্ষিক, সামাজিক, অৰ্থনৈতিক সকলো ব্যৱস্থা স্তব্ধ হৈ পৰাৰ লগতে বিশেষকৈ জনসাধাৰণ আৰ্থিকভাৱে যথেষ্ট জুৰুলা হৈ পৰিছে। দেশে এনে এক জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়তে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে পেট্ৰল, ডিজেলৰ মূল্যবৃদ্ধি আৰু খাদ্যবস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয়ভাৱে মূল্যবৃদ্ধি ঘটোৱাত সাধাৰণ জনতা জটিল সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে।
ৰজাঘৰীয়াৰ এনে হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শুকুৰবাৰে সমগ্ৰ অসমৰ লগতে বোকাজানতো বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত সামাজিক দূৰত্ব বৰ্তাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পিতাম্বৰ চেতিয়া আৰু সাধাৰণ সম্পাদক অৰিন্দম মহন্তৰ লগতে প্ৰায় বিশ-পচিশজনীয়া ছাত্ৰ সন্থাৰ সদস্যই হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড লৈ সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক, পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি অতিশীঘ্ৰে হ্ৰাস কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি গ’ বেক আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অৰ্ণৱজ্যোতি কাকতিয়ে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণিভূষণ চৌধুৰীক চোকা সমালোচনা কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিয়ে বেয়াকৈ ক্ষতিগ্ৰস্থ কৰিছে সাধাৰণ জনতা তথা কৃষক ৰাইজক। তেলৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে খাদ্যবস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰো মূল্যবৃদ্ধি কৰাত সৰ্বসাধাৰণ ৰাইজৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ দৰে হৈছে।
যিটো সময়ত জনতাই জীয়াই থাকিবৰ বাবে নিজকে গৃহবন্দী কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে তেনে এক সময়ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এনে জনতা বিৰোধী সিদ্ধান্তৰ ফলত তেওঁলোকে যে জনসাধাৰণৰ সমস্যাৰ প্ৰতি সম্পূৰ্ণ এক উদাসীন মনোভাৱ গ্ৰহণ কৰিছে সেয়া পুনৰবাৰ প্ৰমাণ কৰিছে বুলিও কয় ছাত্ৰ নেতাগৰাকীয়ে। কালিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ সন্থাই পেট্ৰলজাত তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি অতি শীঘ্ৰেই ৰোধ কৰিবলৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰলৈ দাবী জনাই।