নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাত মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মুল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আজি দিনৰ ১১.৩০ বজাত উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত আছুৰ সদস্যসকলে আলু-পিঁয়াজৰ মালা পিন্ধি আৰু সন্মুখত মিঠা তেল, পেট্ৰ’ল, গেছ চিলিণ্ডাৰ আৰু বৰ কাঁ‌হ বজাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

আছুৰ কৰ্মকৰ্তাসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায়, যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰী হুচিয়াৰ, অসম চৰকাৰ হায় হায়, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, আদি শ্লোগানেৰে উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চস্থলী কঁ‌পাই তোলে।

এই কাৰ্যসূচীত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈ, সম্পাদক ৰূপম বৰুৱা, মাৰ্ঘেৰিটা মহাবিদ্যালয় আছু গোটৰ লগতে অৰ্ধশতাধিক আছুৰ কৰ্মী উপস্থিত থাকি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

You might also like