অভিনেতা সিদ্ধার্থ শর্মালৈ ননৈ মহাবিদ্যালয়ৰ ‘ৰসবন্ধু’ সন্মান
নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ নগাঁও জিলাৰ ননৈ মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল ইতিহাসৰূপে পৰিগণিত হ’ল যোৱা ২৪ ডিচেম্বৰত মঞ্চায়িত হোৱা ভগৱান শ্রীশ্রীকৃষ্ণৰ ৰাসলীলা৷ ননৈ মহাবিদ্যালয়ৰIQAC আৰু কার্যক্রম সম্প্রসাৰণ কোষৰ উদ্যোগত তথা ননৈ মহাবিদ্যালয় ছাত্র একতা সভা আৰু অৰিহণা নাট্য বিদ্যালয়ৰ সহযোগত আয়োজিত শ্রীশ্রীকৃষ্ণ ৰাসলীলাত মহাবিদ্যালয়ৰ ছাত্র–ছাত্রী, শিক্ষক–কর্মচাৰীসক্ আৰু অতিথি শিল্পী প্রণৱ বৰুৱা, গীতার্থ শর্মা, জ্যোতিষ্মান বৰা, লক্ষ্যজিৎ বৰা, সুস্মিতা শইকীয়া, জ্যোতিস্মিতা শইকীয়া, স্মৃতিৰেখা কলিতাৰ আন্তৰিকতাপূর্ণ নৃত্যাভিনয়ত দ্বিতীয় বৃন্দাবনত পৰিণত হ’ল ননৈ মহাবিদ্যালয়ৰ প্রাংগণ৷ দর্শকৰ অভূতপূর্ব সঁহাৰিয়ে মহীয়ান কৰি তোলা অনুষ্ঠানটিত সুৰজিৎ শইকীয়াৰ তত্ত্বাৱধানত গায়ন–বায়ন ৰূপে ‘সুৰ তৰু কলা কেন্দ্র, নগাঁও’ৰ শিশু প্রশিক্ষার্থীসকলে আৰু কাকীৰ যুৱ নৃত্যশিল্পী দিগন্ত দাসে সূত্রধাৰ ৰূপে অভিনয় কৰি সকলোকে মন্ত্রমুগ্ধ কৰে৷
সমাজকর্মী গোপাল নাথে বন্তি প্রজ্বলনেৰে শুভাৰম্ভণি কৰা অনুষ্ঠানটিত অসমৰ জনপ্রিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ মুখ্য হাস্যমধুৰ চৰিত্র ‘কৃষ্ণ কমল খাটনিয়া’ৰ ওৰফে কে কে ৰূপে জনতাৰ হূদয়ত নাম খোদিত কৰিবলৈ সক্ষম হোৱা অভিনেতা সিদ্ধার্থ শর্মাক মহাবিদ্যালয়খনৰ শিক্ষক–শিক্ষয়িত্রী, কর্মচাৰী, ছাত্র–ছাত্রী, গুণী–জ্ঞানীৰ লগতে সমৱেত দর্শকসকলৰ উপস্থিতিত ননৈ মহাবিদ্যালয়ে অভিনয় সাধনাৰ স্বীকৃতিস্বৰূপে ‘ৰসবন্ধু’ সন্মান প্রদান কৰে৷ অনুষ্ঠানটিত সিদ্ধার্থ শর্মাৰ মাতৃ নিৰু দেৱীক মহাবিদ্যালয়ৰ ফালৰ পৰা আদৰণি জনায় সহকাৰী অধ্যাপিকা দেৱযানী বৰাই৷ মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে ভাৰপ্রাপ্ত অধ্যক্ষ ৰীতা শর্মাই আৰু স্মৃতি তর্পণ কৰে সমাজকর্মী যোগেশ্বৰ শইকীয়াই৷ ননৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ বসন্ত বৰাৰ নাট্যৰূপ আৰু পৰিচালনাত পৰিৱেশিত হোৱা নাটখনত শ্রীকৃষ্ণ আৰু ৰাধাৰ চৰিত্র ৰূপায়ণ কৰি সকলোকে মোহাচ্ছন্ন কৰে মহাবিদ্যালয়খনৰ প্রাক্তন ছাত্র তথা নৃত্য বিশাৰদ মানস বৰাই আৰু প্রাক্তন ছাত্রী তথা ননৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অতিথি সহকাৰী অধ্যাপিকা নমিষা ভূঞাই৷ শংখচূডৰ চৰিত্র অভিনয়েৰে দর্শকৰ মন জয় কৰে মহাবিদ্যালয়ৰ ছাত্র সৌৰভজ্যোতি বৰাই৷